পাতনি

নিম্নলিখিত বিষয়সমূহ এই নথিপত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে:

  • সংস্থাপন সম্বন্ধীয় টোকা

  • প্ৰযুক্তিবিদ্যাৰ পূৰ্ব-প্ৰদৰ্শন

  • জ্ঞাত সমস্যা

  • সাধাৰণ তথ্য

  • চালক উন্নয়নৰ কাৰ্য্যক্ৰম

  • আন্তৰ্জাতীয়কৰণ

  • কাৰ্ণেল সম্বন্ধীয় টোকা

Red Hat Enterprise Linux 5 ৰ কিছুমান উন্নয়নৰ মুক্তি টোকাৰ এই সংস্কৰণত নাপাবও পাৰে । মুক্তি টোকাৰ উন্নত সংস্কৰণ এই URL ত পোৱা যাবও পাৰে:

http://www.redhat.com/docs/manuals/enterprise/RHEL-5-manual/index.html

সংস্থাপন সম্বন্ধীয় টোকা

নিম্নলিখিত বিভাগত Red Hat Enterprise Linux ৰ সংস্থাপন আৰু Anaconda সংস্থাপক কাৰ্য্যক্ৰমৰ বিশেষ তথ্য আছে ।

টোকা

ইতিমধ্যে সংস্থাপিত Red Hat Enterprise Linux ৰ উন্নয়নৰ বাবে, আপুনি Red Hat Network ব্যৱহাৰ কৰি উন্নয়ন কৰিব লাগিব সলনি হোৱা সৰঞ্জামসমূহ ।

আপুনি Anaconda ব্যৱহাৰ কৰিব পাৰে Red Hat Enterprise Linux 5 ৰ পৰিষ্কাৰ সংস্থাপনৰ বাবে বা Red Hat Enterprise Linux ৪ ৰ নতুন উন্নত সংস্কৰণৰ পৰা Red Hat Enterprise Linux 5 লৈ উন্নয়ন কৰিব'লৈ ।

যদি আপুনি Red Hat Enterprise Linux 5 CD-ROMৰ বিষয়বস্তু প্ৰতিলিপিত কৰিছে (উদাহৰণ স্বৰূপে নে'টৱৰ্ক ভিত্তিৰ সংস্থাপনৰ প্ৰস্তুতিত) তেন্তে কাৰ্য্যকৰ ব্যৱস্থাপ্ৰণালীৰ বাবে CD-ROM সমূহহে অকল প্ৰতিলিপিত কৰাতো সুনিশ্চিত কৰক । অতিৰিক্ত CD-ROM বা কোনো এটা স্তৰযুক্ত প্ৰস্তুত CD-ROM প্ৰতিলিপিত নকৰিব, কাৰণ এই কাৰ্য্যই Anaconda ৰ উপযুক্ত ক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ পুনঃ লিখিব । এই CD- ROM সমূহ Red Hat Enterprise Linux সংস্থাপন হোৱাৰ পিছতহে সংস্থাপন কৰিব লাগে ।

ISO ৰ বিষয়বস্তু আৰু পঞ্জীয়ন

উৎপাদন বিশেষ বিভেদকসমূহত চালনাজ্ঞান উপাংশ সৰঞ্জাসমূহৰ সংগঠন Red Hat Enterprise Linux ৰ পূৰ্ব সংস্কৰণৰ পৰা সলনি হৈছে । বেলেগ‌-বেলেগ বিভেদকসমূহ আৰু ISO প্ৰতিমুৰ্তিসমূহ দুটালৈ হ্ৰাস কৰা হৈছে:

  • Red Hat Enterprise Linux 5 সেৱক

  • Red Hat Enterprise Linux 5 গ্ৰাহক

ISO প্ৰতিৰূপত চালনাজ্ঞানৰ সৰঞ্জাম আছে বিভিন্ন বৈকল্পিক ভঁৰালৰ বাবে যি মূল বিতৰণৰ উপৰিও অধিক কাৰ্য্যকৰিতা দিয়ে, যেনে ভাৰ্চুৱেলাইজেছন, কম্পিউটাৰৰ থুপ খোওৱা বা কম্পিউটাৰৰ থুপৰ ভঁৰাল । সেৱকৰ বিভেদকসমূহ, গ্ৰাহকৰ বিভেদক আৰু উপস্থিত বিকল্পসমূহৰঅধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি http://www.redhat.com/rhel/ চাওক ।

একেই তথ্য আকাৰ বা ISO প্ৰতিমুৰ্তিত বৈকল্পিক বিষয়বস্তু উপলব্ধ কৰিব'লৈ সংস্থাপনৰ সময়ত পোৱা বিষয়বস্তু আৰু বৰঙনিৰ অধীন বস্তুৰ মাজৰ অমিল আঁতৰুৱা প্ৰয়োজনীয় । এনে অমিলৰ ফলত বাগ বা অন্যান্য আক্ৰমণসাধ্য বিপদৰ বৃদ্ধি হ'ব পাৰে ।

বৰঙনিৰ সৈতে সুসঙ্গত বিষয়বস্তু উপলব্ধ কৰাৰ উদ্দেশ্যে Red Hat Enterprise Linux 5 ত এটা সংস্থাপন সংখ্যা (Installation Number) উল্লেখ কৰা আৱশ্যক যাৰ ফলত সঠিক সৰঞ্জাম সংকলন উপলব্ধ কৰাৰ উদ্দেশ্যে সংস্থাপক কাৰ্য্যক্ৰম বিন্যাস কৰা সম্ভৱ হয় । সংস্থাপন সংখ্যা আপোনাৰ বৰঙনিৰ সৈতে উপলব্ধ কৰা হৈছে ।

যদি আপুনি সংস্থাপন সংখ্যা দিয়া এতিয়া বাদ দিয়ে, এইটো এটা মূল সেৱক বা ডেষ্কট'পৰ সংস্থাপনত পৰিণত হ'ব । অধিক কাৰ্য্যকৰণ পিছত স্বয়ং যোগ দিব পাৰিব । সংস্থাপন সংখ্যাৰ অধিক তথ্যৰ বাবে, http://www.redhat.com/apps/support/in.html চাওক ।

সংস্থাপনৰ সময়ত ব্যৱহাৰ কৰা সংস্থাপন সংখ্যা /etc/sysconfig/rhn/install-num ত ৰক্ষা কৰা হ'ব । Red Hat Network ৰ লগত পঞ্জীকৰণ কৰোঁতে, এই নথিপত্ৰ rhn_register আদেশৰ দ্বাৰা চোৱা যাব যাতে আপোনাৰ ব্যৱস্থাপ্ৰণালীক কোনবোৰ উপযুক্ত শিশু মাধ্যমৰ বৰঙনি দিব পাৰি নিৰ্ধাৰিত কৰিব পৰা হয় ।

নতুন RPM GPG চহি কৰা চাবি

Red Hat Enterprise Linux 5 সৰঞ্জাম চহি কৰিব'লৈ এটা নতুন মুক্তি চহি কৰাৰ চাবি ব্যৱহৃত হয় । ব্যৱস্থাপ্ৰণালী প্ৰথমবাৰ উন্নয়ন কৰাৰ সময়ত এই চাবি সংস্থাপন কৰাৰ অনুমতিৰ বাবে কোৱা হয় ।

নিম্নলিখিত নথিপত্ৰত চহি কৰাৰ চাবি বিতৰণ কৰা হয়:

  • /etc/pki/rpm-gpg/RPM-GPG-KEY-redhat-release — ত নতুন মুক্তিৰ চহি কৰা সাৰ্বজনীন- চাবি আছে

  • /etc/pki/rpm-gpg/RPM-GPG-KEY-redhat-auxiliary — ত অতিৰিক্ত মুক্তিৰ চহি কৰিব'লৈ ব্যৱহৃত সাৰ্বজনীন-চাবি আছে, বৰ্ত্তমানে ব্যৱহৃত নহয় ।

  • /etc/pki/rpm-gpg/RPM-GPG-KEY-redhat-former — ত পূৰ্বৰ মুক্তি চহি কৰিব'লৈ ব্যৱহৃত সাৰ্বজনীন-চাবি আছে, পূৰণি Red Hat Enterprise Linux মুক্তিত ব্যৱহৃত

Subversion

Red Hat Enterprise Linux 5 ত Subversion নামক সংস্কৰণ নিয়ন্ত্ৰণ ব্যৱস্থা Berkeley DB ৪.৩ ৰ সৈতে সংযুক্ত কৰা হৈছে । যদি কোনো Berkeley DB বেক-এন্ড "BDB" (সম্পূৰ্ণৰূপে নথিপত্ৰপ্ৰণালী ভিত্তিক "FSFS" ৰ পৰিবৰ্ত্তে) প্ৰয়োগ কৰা Subversion ভঁৰাল ব্যৱস্থাপ্ৰণালীত সৃষ্টি কৰা হৈছে আৰু আপুনিRed Hat Enterprise Linux ৪ৰ পৰা উন্নয়ন কৰিছে, উন্নয়নৰ সময়ত বিশেষ সতৰ্কতা অবলম্বন কৰা আৱশ্যক যাৰ ফলত উন্নয়ন কৰাৰ পিছত ভঁৰালৰ ব্যৱহাৰযোগ্যতা অপৰিবৰ্তিত হৈ থাকিব পাৰে । Red Hat Enterprise Linux 5 লৈ উন্নয়নকৰাৰ পূৰ্বে Red Hat Enterprise Linux ব্যৱস্থাপ্ৰণালীত নিম্নলিখত প্ৰক্ৰিয়াৰ সঞ্চালন কৰা আৱশ্যক:

  1. কোনো কাৰ্য্যৰ দ্বাৰা ভঁৰাল উপক্ৰম কৰা প্ৰতিৰোধ কৰিব'লৈ চলি থকা সকলো কাৰ্য্য বন্ধ কৰক (যেনে, httpd বা svnserve; বা পোনে পোনে সংযোগ কৰা কোনো স্থানীয় ব্যৱহাৰকৰোঁতা) ।

  2. নিম্নলিখিত আদেশ ব্যৱহাৰ কৰি ভঁৰালৰ এটা সমৰ্থন সৃষ্টি কৰক:

    svnadmin dump /path/to/repository | gzip > repository-backup.gz
    
  3. ভঁৰালত svnadmin recover আদেশ চলাওক:

    svnadmin recover /path/to/repository
    
  4. ভঁৰালত অব্যৱহৃত কোনো বৃত্তান্তৰ নথিপত্ৰ আঁতৰাওক:

    svnadmin list-unused-dblogs /path/to/repository | xargs rm -vf
    
  5. ভঁৰালৰ সকলো বাচি যোৱা স্মৃতিশক্তি সমভাগ কৰা নথিপত্ৰ আঁতৰাই দিয়ক:

    rm -f /path/to/repository/db/__db.0*
    

অন্যান্য সংস্থাপনৰ টোকা

  • যদি IDE/PATA (Parallel ATA) যন্ত্ৰসমূহ "100% Native" ৰূপত বিন্যাস কৰা হয়, কিছুমান BIOS সমূহে Red Hat Enterprise Linux 5 সংস্থাপন প্ৰক্ৰিয়া সফলভাবে সম্পন্ন হোৱাত বাধা দিয়ে । এইটো যাতে নহয় তাৰ বাবে, IDE/PATA ধৰণক "Legacy" হিচাপে BIOS ত বিন্যাস কৰক ।

  • IBM System z এ পৰম্পৰাগত Unix-ধৰণৰ দৈহিক কন্স'ল নিদিয়ে । Red Hat Enterprise Linux 5 IBM System z ৰ বাবে প্ৰাৰম্ভিক কাৰ্য্যক্ৰম তুলি লওঁতে firstboot কাৰ্য্যকাৰিতা সমৰ্থন নকৰে ।

    Red Hat Enterprise Linux 5 ৰ প্ৰতিষ্ঠা শুদ্ধভাবে IBM System z ত আৰম্ভ কৰিব'লৈ, সংস্থাপনৰ পিছত নিম্নলিখিত আদেশ চলাব:

    • /usr/bin/setupsetuptool সৰঞ্জামৰ দ্বাৰা দিয়া হয়

    • /usr/bin/rhn_registerrhn-setup সৰঞ্জামৰ পৰা পোৱা যাই

  • PXE ৰ সৈতে Anaconda বুট কৰোঁতে ksdevice=bootif স্থিতিমাপ ব্যৱহাৰ কৰি, আপোনাক সংস্থাপনৰ সময়ত ব্যৱহাৰ কৰিব লগা ইথাৰ্নে'ট সংযোগ মাধ্যমৰ বাবে সোঁৱৰাই দিয়া হ'ব । যদি অকল এটা ইথাৰ্নে'ট সংযোগ মাধ্যমহে সংযুক্ত কৰা হৈছে, ksdevice=link স্থিতিমাপহে ব্যৱহাৰ কৰিব তাৰ সলনি । বৈকল্পিপকভাবে, আপুনি সংযোগ মাধ্যম নিজেই নিৰ্ধাৰিত কৰিব পাৰে ।

প্ৰযুক্তিবিদ্যাৰ পূৰ্ব-প্ৰদৰ্শণ

প্ৰযুক্তিবিদ্যা পূৰ্ব-প্ৰদৰ্শনৰ বৈশিষ্ট বৰ্ত্তমানে Red Hat Enterprise Linux 5 বৰঙনি সেৱাৰ অন্তৰ্গত সমৰ্থিত নহয়,সম্পূৰ্ণৰূপে কাৰ্য্যকৰ নহবও পাৰে, আৰু সাধাৰণতে উৎপাদনৰ বাবে ব্যৱহাৰযোগ্য নহয় । তথাপিও, গ্ৰাহকৰ সুবিধা আৰু ব্যাপক উন্মুক্তকৰণৰ বাবে এই সকলো বৈশিষ্টসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ।

গ্ৰাহকে পৰীক্ষামূলক পৰিবেশত এই বৈশিষ্টসমূহ উপযোগী পাব পাৰে । সম্পূৰ্ণৰূপে সমৰ্থিত হোৱাৰ পূৰ্বে গ্ৰাহকে এই সকলো বৈশিষ্ট্যেৰ কাৰ্যকাৰিতা পৰীক্ষা নিৰীক্ষা কৰি তেওঁৰ মতামত জনাব পাৰে এটা প্ৰযুক্তিবিদ্যা পূৰ্ব-প্ৰদৰ্শনৰ বৈশিষ্টৰ বাবে । গুৰুত্বপূৰ্ণ নিৰাপত্তা বিষয়ক ত্ৰুটি-বিচ্যুতিৰ সংক্ৰান্তত শুধৰণী উপলব্ধ কৰা হ'ব ।

প্ৰযুক্তিবিদ্যা পূৰ্ব-প্ৰদৰ্শনৰ উদ্দেশ্যে নিৰ্মাণ কৰা সময়ত পৰীক্ষা নিৰীক্ষাৰ উদ্দেশ্যে অতিৰিক্ত বৈশিষ্ট্য যোগ কৰা হব পাৰে । Red Hat ভৱিষ্যতে প্ৰকাশিত কোনো মুক্তিত প্ৰযুক্তিবিদ্যা পূৰ্ব-প্ৰদৰ্শন প্ৰস্তুত কৰা বৈশিষ্ট্যসমূহ সম্পূৰ্ণৰূপে সমৰ্থন কৰিব'লৈ ইচ্ছুক ।

Stateless Linux

Red Hat Enterprise Linux 5 ৰ এই মুক্তিত অন্তৰ্ভুক্ত আছে Stateless Linux ৰ ভিত্তিৰ বাবে সক্ৰীয় কৰা অংশ । Stateless Linux এটা ব্যৱস্থাপ্ৰণালী চলোৱা আৰু পৰিচালনা কৰাৰ এটা নতুন চিন্তাধাৰাৰ ধৰণ, যাক বৃহত সংখ্যক ব্যৱস্থাপ্ৰণালীক সহজে পুনঃপ্ৰতিষ্ঠা কৰি যোগান ধৰিব'লৈ আৰু পৰিচালনা কৰিব'লৈ পৰিকল্পনা কৰা হৈছে । এইটো প্ৰধানকৈ কৰা হয় প্ৰস্তুত কৰা ব্যৱস্থাপ্ৰণালীৰ প্ৰতিমুৰ্তি প্ৰতিষ্ঠা কৰি যাক পুনৰাবৃত কৰা হয় আৰু বহুতো অৱস্থাহীন ব্যৱস্থাপ্ৰণালীৰ মাজত পৰিচালনা কৰা হয়, অকল পঢ়িব পৰা ধৰণত ব্যৱস্থাপ্ৰণালী চলোৱা হয়(অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে /etc/sysconfig/readonly-root চাওক) ।

বৰ্ত্তমানে অৱস্থাহীন ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত সম্পূৰ্ণ বৈশিষ্ট্যৰ একাংশহে উপলব্ধ কৰা হৈছে । এই কাৰণে এই ক্ষমতা প্ৰযুক্তিবিদ্যা পূৰ্ব-প্ৰদৰ্শনৰ নাম প্ৰদান কৰা হৈছে ।

Red Hat Enterprise Linux 5 ত অন্তৰ্ভুক্ত থকা প্ৰাৰম্ভিক ক্ষমতাসমূহৰ তালিকা এই ধৰণৰ:

  • NFS ৰ ওপৰত এটা stateless প্ৰতিৰূপ চলোৱা হৈছে

  • NFS ৰ ওপৰত এটা stateless প্ৰতিৰূপ চলোৱা হৈছে loopback ৰ মাজেদি

  • iSCSI ত চলোৱা হৈছে

অৱস্থাহীন বৈশিষ্ট্যেৰ কোড পৰীক্ষা কৰিব'লৈ ইচ্ছুক ব্যৱহাৰকৰোঁতাই http://fedoraproject.org/wiki/StatelessLinuxHOWTO ত পোৱা ব্যৱহাৰপ্ৰণালীৰ নথিপত্ৰ পঢ়া আৰু stateless-list@redhat.com ডাক তালিকাত যোগদান কৰাৰ উপদেশ দিয়া হৈছে ।

GFS2

GFS2 মূলত GFS নথিপত্ৰপ্ৰণালীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এটা যুগান্তকাৰী প্ৰযুক্তিবিদ্যা । সম্পূৰ্ণৰূপে কৰ্মোপযোগী হোৱাৰ স্বত্ত্বেও GFS2 এখন অবধি প্ৰধান কৰ্মক্ষেত্ৰৰ ব্যৱহাৰযোগ্য গণ্য কৰা নহয় । Red Hat Enterprise Linux 5 ৰ পৰবৰ্তী উন্নয়নত GFS সম্পূৰ্ণৰূপে সমৰ্থনযোগ্য কৰাৰ পৰিকল্পনা কৰা হৈছে । gfs2_convertৰূপান্তৰ ব্যৱস্থাৰ সহায়েৰে পূৰণি GFS আকৃতিৰ নথিপত্ৰৰ তথ্য ভিত্তি তথ্যকে GFS2 নথিপত্ৰপ্ৰণালীলৈ পৰিৱৰ্তন কৰা সম্ভৱ ।

FS-Cache

FS-Cache এটা স্থানিক ভাণ্ডাৰৰ সুবিধা দূৰৰ নথিপত্ৰপ্ৰণালীৰ বাবে যি ব্যৱহাৰকৰোঁতাক NFS তথ্য এটা স্থানিক তুলি লোৱা ডিষ্কত ভাণ্ডাৰ কৰিব'লৈ সক্ষম কৰে । FS-Cache সুবিধা প্ৰতিষ্ঠা কৰিব'লৈ, cachefilesd RPM সংস্থাপন কৰক আৰু /usr/share/doc/cachefilesd-<সংস্কৰণ>/README নথিপত্ৰৰ নিৰ্দেশ চাওক ।

<সংস্কৰণ>-ৰ পৰিবৰ্তে সংস্থাপন কৰা cachefilesd সৰঞ্জামেৰ সংস্কৰণ উল্লেখ কৰক ।

কম্পিজ্

কম্পিজ্ এটা OpenGL-ভিত্তিক সংযুক্ত পৰ্দ্দাৰ পৰিচালক । সাধাৰণ পৰ্দ্দা পৰিচালনাৰ উপৰিও compiz এ সংযুক্ত পৰ্দ্দাৰ পৰিচালক যি,সমস্ত ডেষ্কট'পক পনঃ চিত্ৰাঙ্কণ কৰাৰ সহযোগ দিয়ে আৰু সমকালীন কৰে যাতে কম কম্পন থকা এটা মিহি ডেষ্কট'প অনুভৱ কৰিব পাৰি ।

Compiz এ 3D যন্ত্ৰৰ ত্বৰণশক্তি ব্যৱহাৰ কৰে পৰিণামসমূহ সম্পাদন কৰিব'লৈ যেনে, জীৱিত হ্ৰশ্ব পৰ্দ্দা, পৰ্দ্দা নিম্ন কৰোঁতে ছাঁ, প্ৰাণচঞ্চল পৰ্দ্দা নিম্ন কৰা আৰু ভাৰ্চুৱেল ডেষ্কট'পৰ মাজত পৰিবৰ্ত্তন ।

বৰ্ত্তমানৰ সম্পাদন স্থাপত্য সীমিত হোৱাৰ বাবে, compiz এ পোনে পোনে সম্পাদন কৰা OpenGL অনুপ্ৰয়োগ বা Xv সম্প্ৰসাৰণ ব্যৱহাৰ কৰা অনুপ্ৰয়োগৰ সৈতে শুদ্ধকৈ কাম নকৰে । তেনে অনুপ্ৰয়োগসমূহে ক্ষতি নোহোৱা সম্পাদনৰ সঁজুলি প্ৰদৰ্শন কৰিব; সেইবাবে, compiz বৰ্ত্তমানে প্ৰযুক্তিবিদ্যাৰ পূৰ্ব-প্ৰদৰ্শনত ।

Ext3 ৰ বাবে বৃদ্ধি

Red Hat Enterprise Linux 5'এ EXT3 নথিপত্ৰপ্ৰণালীৰ ক্ষমতা ৮ টেৰাবাইট ৰ পৰা সৰ্বোচ্চ ১৬ টেৰাবাইট অবধি বৃদ্ধি কৰা হৈছে । এই বৈশিষ্ট্যটি বৰ্ত্তমানে প্ৰযুক্তিবিদ্যা পূৰ্ব-প্ৰদৰ্শন ৰূপে প্ৰস্তুত কৰা হৈছে এবং Red Hat Enterprise Linux 5 ৰ ভবিষ্যতৰ কোনো মুক্তি সম্পূৰ্ণৰূপে উপলব্ধ কৰাৰ পৰিকল্পনা আছে ।

AIGLX

AIGLXএটা প্ৰযুক্তিবিদ্যাৰ বৈশিষ্ট যি আনভাৱে সম্পূৰ্ণৰূপে সমৰ্থিত X সেৱক । এটা নিৰ্দ্দিষ্ট মান স্বৰূপ ডেষ্কট'পত ই GL-ত্বৰণশক্তিৰ পৰিণাম সক্ৰীয় কৰিব খোজে । এই প্ৰকল্পত আছে:

  • নিম্নভাবে পৰিবৰ্ত্তিত X সেৱক

  • নতুন আচাৰ বিধিৰ সমৰ্থনসহ এটা উন্নত Mesa সৰঞ্জাম

এই অংশসমূহ সংস্থাপন কৰি, আপুনি ডেষ্কট'পত নিম্নমানৰ সলনিৰে GL-ত্বৰণশক্তিৰ পৰিণাম পাব পাৰে, আৰু X সেৱক সলনি নকৰাকৈ সিহঁতক নিজ ইচ্ছাৰ মতে সক্ৰীয় বা নিষ্ক্ৰীয় কৰিব পাৰে । যান্ত্ৰিক GLX ত্বৰণৰ সুবিধা ল'বলৈ AIGLX এ দূৰৰ GLX অনুপ্ৰয়োগো সক্ৰীয় কৰে ।

Frysk GUI

frysk প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হ'ল এটা বুদ্ধিমান, বিস্তাৰিত আৰু সৰ্বদা চলমান ব্যৱস্থাপ্ৰণালী নিৰীক্ষণ আৰু ডিবাগ সামগ্ৰী নিৰ্মাণ, যিয়ে বিকাশক আৰু ব্যৱস্থাপ্ৰণালীৰ প্ৰশাসকক নিম্নলিখিত কাৰ্য্য কৰিবৰ অনুমতি দিয়ে:

  • চলমান প্ৰক্ৰিয়া আৰু থ্ৰেড (ঘটনা সৃষ্টি আৰু বিন্যাসৰ সৈতে) নিৰীক্ষণ

  • লকিং প্ৰিমিটিভৰ ব্যৱহাৰৰ নিৰীক্ষণ

  • ডেড-লক চিনাক্তকৰণ

  • তথ্য সংগ্ৰহ

  • কোনো প্ৰক্ৰিয়া ডিবাগ কৰাৰ উদ্দেশ্যে এটা তালিকাৰ পৰা নিৰ্বাচন কৰিব পাৰে বা বিঘ্নিত প্ৰক্ৰিয়াৰ বাবে frysk এটা উৎসৰ কোড অথবা অন্যান্য পৰ্দ্দা প্ৰদৰ্শন কৰে

Red Hat Enterprise Linux 5 ত frysk ৰ চিত্ৰাঙ্কিত ব্যৱহাৰকৰোঁতাৰ সংযোগ মাধ্যম প্ৰযুক্তিবিদ্যাৰ পূৰ্ব-প্ৰদৰ্শন ৰূপে উপস্থিত কৰা হলেও frysk আদেশ শাৰীৰ সংযোগ মাধ্যম সম্পূৰ্ণৰূপে সমৰ্থিত ।

Systemtap

Systemtap ৰ দ্বাৰা লিনাক্স ব্যৱস্থাপ্ৰণালী সঞ্চালনৰ বাবে তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া সৰল কৰাৰ বাবে মুক্ত চালনাজ্ঞান (GPL) ভিত্তিত উপলব্ধ কৰা হয় । ইয়াৰ ফলত কৰ্ম সঞ্চালন সম্পৰ্কিত সমস্যা নিৰ্ধাৰণ কৰাত সহায় হয় । systemtap ব্যৱহাৰৰ ফলতবিকাশকে তথ্য সংগ্ৰহৰ বাবে বিঘ্নিত সামগ্ৰীৰ পৰীক্ষণ, পুনঃ সঙ্কলন কৰা, সংস্থাপন আৰু পুনৰাৰম্ভ কৰিব লগা নহয় ।

Dogtail

Dogtail মূল পৰীক্ষণ আৰু যান্ত্ৰিকীকৰণ অদাৰৰ বাবে এটা GUI সামগ্ৰী যিটো Python ব্যৱহাৰ কৰি লিখা হৈছে যি ডেস্কটপ অনুপ্ৰয়োগৰ সৈতে যোগাযোগ কৰিব'লৈ Accessibility (বিশেষ ব্যৱহাৰ) প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰে ।

ভাৰতীয় আৰু সিংহালা ভাষাৰ সমৰ্থন

Red Hat Enterprise Linux 5 ত নিম্নলিখিত ভাষাসমূহ প্ৰযুক্তিবিদ্যাৰ পূৰ্ব-প্ৰদৰ্শন ভাবে উপলব্ধ কৰা হৈছে:

  • অসমীয়া

  • কন্নড়

  • সিংহালা

  • তেলেগু

এই সমস্ত ভাষাৰ সংস্থাপন আৰু সমৰ্থন সক্ৰীয় কৰাৰ অধিক তথ্যৰ বাবে এই আলেখ্যনৰ আন্তৰ্জাতীয়কৰণ বিভাগ পঢ়ক ।

dm-multipath যন্ত্ৰত সংস্থাপন কৰা

Anaconda দ্বাৰা বৰ্ত্তমানে dm-multipath যন্ত্ৰ চিনাক্ত, নিৰ্মাণ আৰু সংস্থাপন কৰাৰ ক্ষমতা উপলব্ধ আছে । এই বৈশিষ্ট্য সক্ৰিয় কৰাৰ বাবে কাৰ্ণেলৰ বুট শাৰীত mpath স্থিতিমাপ যোগ কৰক ।

যন্ত্ৰৰ major:minor সংখ্যা পৰিবৰ্ত্তিত হলে mpath স্থিতিমাপ ব্যৱহাৰ কৰিলে বুট কৰা ব্যৰ্থ হ'ব পাৰে । ভৱিষ্যতে Red Hat Enterprise Linux 5 ৰকোনো পৰবৰ্তী সংস্কৰণে এই সমস্যা সমাধান কৰা হ'ব ।

iSCSI চালনাজ্ঞান আৰম্ভ কৰোঁতা(open-iscsi)ৰ বাবে সংস্থাপন / বুট কৰা

Anaconda ই এতিয়া iSCSI যন্ত্ৰ সংস্থাপন কৰাৰ ক্ষমতাও দিয়ে । বুট কৰা আৰু সংস্থাপন কৰা QLogic qla4xxx যন্ত্ৰ আৰম্ভ কৰোঁতাৰ সৈতে সম্পূৰ্ণৰূপে সমৰ্থিত । কিন্তু, এটা iSCSI যন্ত্ৰৰ সংস্থাপনৰ ক্ষমতা open-iscsi চালনাজ্ঞান আৰম্ভ কৰোঁতাৰ বাবে বৰ্ত্তমানে এটা প্ৰযুক্তিবিদ্যা পূৰ্ব-প্ৰদৰ্শন হিচাপে ধৰা হৈছে, নিম্নলিখিত সমস্যাৰ বাবে:

  • লিখিত ৰূপৰ সংস্থাপন সম্পূৰ্ণ নহয় । আপুনি এটা চিত্ৰাঙ্কিত সংস্থাপন কৰিবই লাগিব বা এটা স্বয়ংক্ৰিয় kickstart সংস্থাপন ।

  • মাধ্যম-আধাৰিত সংস্থাপন সম্পূৰ্ণ নহয় । আপুনি এটা নে'টৱৰ্ক-আধাৰিত সংস্থাপন কৰিব লাগিব ।

  • ঘটনাসমূহৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰি, Anaconda ই সকলো iSCSI লক্ষ্য বা LUN সমূহৰ সন্ধান নাপাবও পাৰে । যেতিয়া এইটো হয়, সংস্থাপক শ্বেল ব্যৱহাৰ কৰক iSCSI আদেশৰ যোগেদি ভঁৰাল বিন্যাস কৰিব'লৈ ।

  • iscsid ডেমন শুদ্ধভাবে আৰম্ভ ন'হ'ব পাৰে । এনে এটা ঘটনাই সকলো iSCSI ভুল ব্যৱস্থাপ্ৰণালীৰ দ্বাৰা পৰিচালনা কৰাত বাধা দিয়ে, যেনে নে'টৱৰ্ক সমস্যা, SCSI/iSCSI বিৰতি, আৰু লক্ষ্যৰ ভুল । iscsid ডেমন চলি থকাটো সিনিশ্চিত কৰিব'লৈ, iscsiadm -m session -i আদেশ চলাওক আৰু পৰীক্ষা কৰক যে, Internal iscsid Session State: শাৰীয়ে এটা মান দিয়ে (যিকোনো মান হ'ব পাৰে) ।

  • কিছুমান নিৰ্দ্দিষ্ট iSCSI লক্ষ্য প্ৰযুক্তিত, বন্ধ কৰা সময়ত ব্যৱস্থাপ্ৰণালী নিলম্বিত অৱস্থাত থাকিব পাৰে ।

  • কিছুমান নিৰ্দ্দিষ্ট iSCSI লক্ষ্য প্ৰযুক্তিত, পুনৰাৰম্ভ কৰা সময়ত ব্যৱস্থাপ্ৰণালী নিলম্বিত অৱস্থাত থাকিব পাৰে । এইটো পৰিহাৰ কৰিবলৈ, ব্যৱস্থাপ্ৰণালী বন্ধ কৰক আৰু পুনঃ বুট কৰক (এটা অধিবেশনৰ পৰা পোনেপোনে পুনৰাৰম্ভ কৰাতকৈ) ।

  • iSCSI যন্ত্ৰৰ পৰা IBM System p ত বুট কৰাটো বিশ্বাসযোগ্য নহয় । যদিও iSCSI যন্ত্ৰত সংস্থাপন কৰা সফল হোৱা যেন দেখুৱাই, পৰিণত সংস্থাপনটো শুদ্ধকৈ বুট ন'হ'ব পাৰে ।

  • সংস্থাপনৰ পিছত প্ৰথম বুটত, আপুনি SELinux ভুল পাব পাৰে যেনে:

    kernel: audit(1169664832.270:4): avc:  denied  { read
    } for  pid=1964 comm="iscsid" 
    

    ইয়াৰ সমাধানৰ বাবে, ব্যৱস্থাপ্ৰণালী আৰম্ভ কৰক enforcing=0 কাৰ্ণেলৰ তৰ্কৰ সৈতে । এবাৰ ব্যৱস্থাপ্ৰণালী শুদ্ধকৈ বুট হ'লে, setenforce 1 আদেশ ব্যৱহাৰ কৰক বলবৎ কৰা ধৰণ পুনঃ স্থাপন কৰিব'লৈ ।

এই কাৰ্য্যক্ষমতাৰ সীমা কোনো এটা ভৱিষ্যতৰ Red Hat Enterprise Linux 5 ৰ উন্নয়নত সমাধান কৰা হ'ব ।

জ্ঞাত সমস্যা

  • MegaRAID চালক ব্যৱহাৰকৰোঁতা গৃহস্থ বাছ এডাপ্টাৰসমূহৰ ক্ষেত্ৰত কৰ্ম সঞ্চালনৰ উদ্দেশ্যে "I2O" এমুলেছন ধৰণৰ পৰিবৰ্তে "Mass Storage" এমুলেছন ধৰণ উল্লেখিত কৰা আৱশ্যক । ইয়াৰ বাবে নিম্নলিখিত পদন্যাস কৰক:

    1. MegaRAID BIOS Set Up Utility প্ৰৱেশ কৰক ।

    2. Adapter settings menu দিয়ক ।

    3. Other Adapter OptionsEmulation নিৰ্বাচন কৰি Mass Storage ৰূপে ধাৰ্য্য কৰক ।

    এডাপ্টাৰৰ মান ভুল ভাবে "I2O" এমুলেছন ৰূপে ধাৰ্য্য কৰিলে i2o চালক তুলি লোৱাৰ বাবে প্ৰচেষ্টা কৰা হ'ব । এইটো ব্যৰ্থ হ'ব আৰু এডাপ্টাৰটি ব্যৱহাৰ কৰা সম্ভৱ নহ'ব ।

    পূৰ্বৰ Red Hat Enterprise Linux মুক্তিসমূহৰ দ্বাৰা সাধাৰণ MegaRAID চালকৰ পূৰ্বে I20 চালক তুলি লোৱাৰ প্ৰচেষ্টা কৰা হোৱা নাছিল । তথাপিও, লিনাক্সত ব্যৱহাৰ কৰা যন্ত্ৰৰ ক্ষেত্ৰত "Mass Storage" এমুলেছন ধৰণ সদায় নিৰ্ধাৰণ কৰা উচিত ।

  • vcpus=2 দ্বাৰা সম্পূৰ্ণৰূপে ভাৰ্চুৱেলাইজ কৰা অতিথি ব্যৱস্থাপ্ৰণালী বিন্যাস কৰা হলে অতিথি ব্যৱস্থাপ্ৰণালী বুট কৰোঁতে অত্যাধিক সময় ব্যয় হ'ব পাৰে ।

    এই সমস্যাৰ সমাধানৰ বাবে, লাহেকৈ বুট কৰা অতিথিক নাশ কৰক xm destroy <guest id> আদেশ ব্যৱহাৰ কৰি আৰু তাৰ পিছত xm create <guest id> ব্যৱহাৰ কৰি সেইজন অতিথিক পিছত আৰম্ভ কৰক ।

  • Red Hat Enterprise Linux 5 ত openmpi-1.1.1-4.el5 (OFED 1.1 বিতৰণৰ পৰা পোৱা) আছে যাৰ কাৰ্য্য কৰ্ম সঞ্চালন সম্পূৰ্ণৰূপে বন্ধ কৰা । openmpi স্টেক আশামতে কিছু সময় কৰ্ম নিৰ্বাহৰ পিছত এইটো হয় ।

    openmpi ৰ উন্নয়ন কৰা সংস্কৰণৰ বাবে অনুগ্ৰহ কৰি http://people.redhat.com/dledford/Infiniband/openmpi পৰীক্ষা কৰক ।

  • সম্পূৰ্ণৰূপে ভাৰ্চুৱেলাইজ কৰা Red Hat Enterprise Linux 5 ব্যৱস্থাপ্ৰণালীত Windows Server 2003 অতিথি ব্যৱস্থাপ্ৰণালী সংস্থাপন কৰাৰ প্ৰয়াস প্ৰথম পৰ্য্যায়ৰ পিছত অপ্ৰত্যাশিতভাবে বন্ধ হৈ যায় । এই ঘটনাৰ পিছত চিত্ৰাঙ্কিত কনছ'ল পৰ্দ্দা বন্ধ হৈ যায় আৰু Virtual Machine Manager ত প্ৰদৰ্শিত যন্ত্ৰৰ তালিকাত এই অতিথি ব্যৱস্থাপ্ৰণালীটি আঁতৰি যায় যাৰ ফলত Broken pipe ত্ৰুটি উৎপন্ন হয় ।

    ভৱিষ্যতে Red Hat Enterprise Linux 5 ৰ কোনো উন্নত সংস্কৰণত এই সমস্যা সংশোধন কৰা হ'ব । বৰ্ত্তমানে এইটো সমাধান কৰিব'লৈ টাৰ্মিনেলত নিম্নলিখিত আদেশ প্ৰয়োগ কৰক:

    xm create /etc/xen/<অতিথি যন্ত্ৰৰ নাম>

    ইয়াৰ পিছত, ভাৰ্চুৱেল যন্ত্ৰ আৰম্ভ কৰক ।

  • CD / DVD প্ৰয়োগ কৰি সম্পূৰ্ণৰূপে ভাৰ্চুৱেলাইজ কৰা Windows Server 2003 নিৰ্মাণৰ সময়ত অতিথি সংস্থাপনৰ দ্বিতীয় পৰ্য্যায়ৰ কৰ্ম পুনৰাৰম্ভ কৰাৰ পিছত সঞ্চালিত ন'হ'ব ।

    এই সমস্যা সমাধানৰ বাবে /etc/xen/<অতিথি যন্ত্ৰৰ নাম> সম্পাদন কৰি CD / DVD যন্ত্ৰৰ বাবে এটা সঠিক প্ৰৱেশ যোগ কৰক ।

    এটা সাধাৰণ নথিপত্ৰৰ সংস্থাপন ভাৰ্চুৱেল যন্ত্ৰ ৰূপে ব্যৱহৃত হলে /etc/xen/<অতিথি যন্ত্ৰৰ নাম> নথিপত্ৰৰ disk শাৰী নিম্নলিখিত বৰ্ণনাৰ অনুৰূপ হ'ব:

    disk = [ 'file:/PATH-OF-SIMPLE-FILE,hda,w']
    

    /dev/dvd নামে গৃহস্থত কোনো DVD-ROM যন্ত্ৰ উপস্থিত থাকিলে তাক সংস্থাপনৰ দ্বিতীয় পৰ্য্যায়ত hdc ৰূপে উপলব্ধ কৰাবলৈ 'phy:/dev/dvd,hdc:cdrom,r' ৰ দৰে এটা পংক্তি যোগ কৰা আৱশ্যক । ইয়াৰ ফলত disk সংক্ৰান্ত পংক্তিটি হ'ব:

    disk = [ 'file:/opt/win2003-sp1-20061107,hda,w', 'phy:/dev/dvd,hdc:cdrom,r']
    

    যান্ত্ৰিক সামগ্ৰীৰ ওপৰত ভিত্তি কৰি সুনিৰ্দ্দিষ্ট যন্ত্ৰৰ পথ পৃথক হ'ব পাৰে ।

  • rmmod xennet ৰ ফলত domU বিপৰ্যস্ত হ'ব; ভাৰ্চুৱেলাইজেছনত grant নিৰ্ঘণ্ট সংক্ৰান্তৰ যোগৰ ফলত এই সমস্যাই দেখা দিয়ে । ভাৰ্চুৱেলাইজেছন দ্বাৰা অসমকালীন ভাবে grant নিৰ্ঘণ্ট কৰ্ম প্ৰকাশ কৰাৰ বৰ্ত্তমান বিফলতাৰ বাবে অতিথি ব্যৱস্থাপ্ৰণালীত মধ্যে xennet অৱৰোহণ কৰা নিৰাপদ নহয় । এই পৰিস্থিতিত grant নিৰ্ঘণ্টৰ সহায়ত নেপথ্য আৰু প্ৰচ্ছদৰ মাজত তথ্য বিনিময় কৰা হয় আৰু নেপথ্যই সঠিকৰূপে তথ্যৰ নিৰ্দেশ প্ৰকাশ ন'কৰিবও পাৰে যাৰ ফলত স্মৃতিশক্তি নিঃসাৰণ হোৱাৰ সম্ভাবনা হয় ।

    Red Hat Enterprise Linux 5 ৰ পৰবৰ্তী গৌণ মুক্তি এই সমস্যাৰ সমাধান কৰা হ'ব । বৰ্ত্তমানে ব্যৱহাৰকৰোঁতাক অতিথি ব্যৱস্থাপ্ৰণালীত xennet আন-লোড নকৰাৰ বিশেষ পৰামৰ্শ দিয়া হৈছে ।

  • ethtool eth0 আদেশৰ ফলাফলত ইথাৰনেট কাৰ্ডৰ বৈশিষ্ট্য সম্পৰ্কে অসম্পূৰ্ণ তথ্য প্ৰদৰ্শন কৰা হয় । ভাৰ্চুৱেলাইজেছনৰ দ্বাৰা ব্যৱহৃত নে'টৱৰ্ক ব্যৱস্থাই ইথাৰনেট যন্ত্ৰ peth0 ৰূপে চিনাক্ত কৰাৰ ফলত অকল ভাৰ্চুৱেলাইজ কৰা কাৰ্ণেলত এই সমস্যা দেখা দিয়ে । এই পৰিস্থিতিত প্ৰকৃত ইথাৰনেট যন্ত্ৰ সম্পৰ্কে সঠিক তথ্য প্ৰাপ্ত কৰাৰ বাবে ethtool peth0 আদেশ ব্যৱহাৰ কৰা আৱশ্যক ।

  • HP ব্যৱস্থাপ্ৰণালীৰ প্ৰতিমান সংখ্যা xw9300 আৰু xw9400 ত ভাৰ্চুৱেলাইজেছন সংস্থাপন কৰাৰ সময়ত time went backwards সতৰ্কবাৰ্তা প্ৰদৰ্শিত হ'ব পাৰে ।

    xw9400 যন্ত্ৰত এই সমস্যা সমাধানৰ বাবে BIOS বৈশিষ্ট্যেত HPET সময় নিৰ্ধাৰণ ব্যৱস্থা সক্ৰিয় কৰক । উল্লেখ্যোগ্য যে, xw9300 যন্ত্ৰৰ ক্ষেত্ৰত এইটোপ্ৰযোজ্য নহয় ।

    নতুন BIOS প্ৰতিমুৰ্তি উপলব্ধ হলে HP য়ে তেওঁলোকৰ xw9300 আৰু xw9400 ব্যৱস্থাপ্ৰণালীৰ গ্ৰাহককসূচিত কৰিব ।

  • nVidia CK804 চিপসেট থকা যন্ত্ৰত Red Hat Enterprise Linux 5 ৰ ব্যৱহাৰৰ সময় নিম্নলিখিত কাৰ্ণেল বাৰ্তাৰ অনুৰূপ বাৰ্তা প্ৰদৰ্শন হ'ব পাৰে:

    kernel: assign_interrupt_mode Found MSI capability
    kernel: pcie_portdrv_probe->Dev[005d:10de] has invalid IRQ. Check vendor BIOS
    

    এই বাৰ্তা দ্বাৰা চিহ্নিত হয় যে কিছুমান PCI-E পোৰ্ট IRQ অনুৰোধ কৰা নাই । ইয়াৰ উপৰিও, এই বাৰ্তাৰ ফলত যন্ত্ৰৰ কৰ্ম কোনো ভাবে বিঘ্নিত নহয় ।

  • কিছুমান Cisco Aironet অনাতাঁৰ যন্ত্ৰই NetworkManager ক অনাতাঁৰ সংযোগ সংক্ৰান্ত তথ্য সংগ্ৰহ কৰোঁতে বাধা সৃষ্টি কৰে যি সমস্ত সংযোগসমূহত SSID প্ৰচাৰিত নকৰে । Cisco Aironet অনাতাঁৰ যন্ত্ৰে ফাৰ্মৱেৰৰ সীমাবদ্ধতাৰ কাৰণে এই সমস্যা দেখা যাই ।

  • Cisco Aironet MPI-350 অনাতাঁৰ কাৰ্ড প্ৰয়োগকাৰী লেপ্টপসমূহত তাঁৰ দ্বাৰা সংযুক্ত ইথাৰনেট পোৰ্ট ব্যৱহাৰ কৰি নেটৱৰ্ক সংস্থাপনৰ সময়ত DHCP ঠিকনা প্ৰাপ্ত কৰাৰ সময় স্তব্ধ হ'ব পাৰে ।

    এই সমস্যা সমাধানৰ বাবে সংস্থাপনৰ বাবে স্থানীয়ৰূপে ব্যৱহাৰযোগ্য মাধ্যম ব্যৱহাৰ কৰক । অথবা সংস্থাপনৰ পূৰ্বে লেপ্টপৰ BIOS ত অনাতাঁৰ কাৰ্ড নিষ্ক্ৰিয় কৰক (সংস্থাপনৰ পিছত অনাতাঁৰ কাৰ্ড পুনৰায় সক্ৰিয় কৰিব পাৰে)।

  • বৰ্ত্তমানে, system-config-kickstart ৰ সহায়ত সৰঞ্জাম নিৰ্বাচন কৰা সম্ভৱ নহয় । system-config-kickstart ব্যৱহাৰ কৰিলে সৰঞ্জাম নিৰ্বাচনৰ বিকল্প নিষ্ক্ৰিয় অবস্থাত প্ৰদৰ্শিত হ'ব । system-config-kickstart সৰঞ্জাম সংকলন সম্বন্ধীয় তথ্যৰ বাবে yum ব্যৱহাৰ কৰিলেও Red Hat Network ৰ সৈতে সংযোগ স্থাপনৰ বাবে yum ব্যৱহাৰ কৰিব'লৈ সক্ষম নহয় ।

    এই সমস্যা পিছৰ নিম্নমানৰ Red Hat Enterprise Linux 5 ৰ মুক্তিত সমাধানৰ বাবে অনুসন্ধান কৰা হৈছে । বৰ্ত্তমানে, আপুনি নিজৰ kickstart নথিপত্ৰত নিজেই সৰঞ্জামৰ বিভাগ উন্নয়ন কৰিব লাগিব । এখন kickstart নথিপত্ৰ খুলিব লওঁতে system-config-kickstart ব্যৱহাৰ কৰিলে, সেই নথিপত্ৰৰ সকলো সৰঞ্জামৰ তথ্য সংৰক্ষিত কৰিব আৰু আপুনি নিজেই ৰক্ষা কৰোঁতে পুনঃ লিখিব ।

  • SATA নিয়ন্ত্ৰণ ব্যৱস্থাসহ ব্যৱস্থাপ্ৰণালীসমূহত বুট কৰাৰ সময়ত স্তব্ধ হ'ব পাৰে আৰু এই পৰিস্থিতিতনিম্নলিখিত ত্ৰুটিৰ বাৰ্তা প্ৰদৰ্শন কৰা হ'ব:

    ata2: port is slow to respond, please be patient
    

    ইয়াৰ পিছত পৰবৰ্তী ত্ৰুটিৰ বাৰ্তা প্ৰদৰ্শিত হ'ব:

    ata2: reset failed, giving up
    

    উল্লেখ্য, দ্বিতীয় ত্ৰুটিৰ বাৰ্তা প্ৰদৰ্শনৰ পিছত ব্যৱস্থাপ্ৰণালী স্বাভাবিকভাবে বুট কৰিব । SATA ড্ৰাইভ দৈহিক ভাবে উপস্থিত থকা লৈকে সঠিকৰূপে চিনাক্ত কৰা হ'ব আৰু পলম হোৱাৰ নাহিৰে ব্যৱস্থাপ্ৰণালীত অন্য কোনো সমস্যা উৎপন্ন নহয় ।

  • node 0 ত স্মৃতিশক্তি বিন্যাস নকৰা ৪-সকেট বিশিষ্ট AMD Sun Blade X8400 Server Module ব্যৱস্থাপ্ৰণালীসমূহে বুট কৰাৰ সময়ত পেনিক (panic) কৰে । কাৰ্ণেল পেনিক ৰোধ কৰাৰ বাবে ব্যৱস্থাপ্ৰণালীৰ স্মৃতিশক্তি node 0 ত বিন্যাস কৰা আৱশ্যক ।

  • Anaconda'ৰ মাধ্যমত LVM মিৰৰ যন্ত্ৰ সংস্থাপন কৰাৰ কৰ্ম বৰ্ত্তমানে সমৰ্থিত নহয় । ভৱিষ্যতে Red Hat Enterprise Linux 5 ৰ উন্নয়ন কৰা সংস্কৰণত এই বৈশিষ্ট্য যোগ কৰা হ'ব ।

  • Red Hat Enterprise Linux ISO প্ৰতিমুৰ্তি ধাৰণকাৰী কোনো NFS সেৱকৰ পঞ্জীকাৰ পৰা Red Hat Enterprise Linux 5 সংস্থাপন কৰাৰ সময়ত Anaconda দ্বাৰা নিম্নলিখিত ত্ৰুটিৰ বাৰ্তা প্ৰদৰ্শিত হ'ব:

    সৰঞ্জাম সম্বন্ধিয় তথ্য পঢ়িব পৰা ন'গ'ল । কোনো নোহোৱা তথ্য পাত্ৰ পঞ্জিকাৰ কাৰণে এইটো হৈছে ।
    অনুগ্ৰহ কৰি আপোনাৰ সংস্থাপনৰ নক্সা শুদ্ধকৈ উৎপন্ন হোৱাতো সুনিৰ্দ্দিষ্ট কৰক । ভঁৰালৰ বাবে
    repomd.xml খুলিব/পঢ়িব পৰা ন'গ'ল:
    

    ISO প্ৰতিমুৰ্তি ধাৰণকাৰী পঞ্জীকাত আংশিকৰূপে খোলা সংস্থাপন তথ্য আকাৰ(যেনে, প্ৰথম ISO ত /images পঞ্জীকা) উপস্থিত থাকিলে এই সমস্যা দেখা দিব পাৰে । বৰ্ণিত প্ৰকৃতিৰ পঞ্জীকা উপস্থিত থাকিলে উল্লেখিত সমস্যা হ'ব ।

    এই সমস্যা প্ৰতিৰোধ কৰিব'লৈ সংস্থাপন ISO প্ৰতিমুৰ্তি ধাৰণকাৰী পঞ্জীকাৰ বাদে অন্যান্য পঞ্জীকাত তথ্য আকাৰ খোলক ।

  • Red Hat Enterprise Linux 5 ৰ এই মুক্তিত বুট কৰাৰ সময়ত/var/log/boot.log লৈ লগ কৰা নহয় । Red Hat Enterprise Linux 5 ৰ পৰবৰ্তী কোনো উন্নয়নৰ অনুৰূপ এটা বৈশিষ্ট্য যোগ কৰা হ'ব ।

  • kexec বা kdump ৰ পক্ষে accraid নিয়ন্ত্ৰকৰ সৈতে যুক্ত ডিস্ক ডাম্প কৰা সম্ভৱ নহয় ।

    এই সমস্যা সমাধান কৰিব'লৈ নেটওৱৰ্ক ডাম্পিং ৰ বাবে scp ব্যৱহাৰ কৰক । বা অন্য কোনো নিয়ন্ত্ৰক ব্যৱহাৰ কৰি ডিস্কৰ ডাম্প কৰিব পাৰে ।

  • bttv কাৰ্ণেল অংশৰ সৈতে tvtime আৰু xawtv চলাব হ'লে ব্যৱস্থাপ্ৰণালী স্তব্ধ হ'ব পাৰে । Red Hat Enterprise Linux 5 ৰ পৰবৰ্তী কোনো গৌণ মুক্তিত এই সমস্যা সমাধান কৰা হ'ব ।

    এই সমস্যা সমাধানৰ বাবে কাৰ্ণেল বুট কৰাৰ পংক্তিত mem=3000m স্থিতিমাপ যোগ কৰক ।

  • এই মুক্তিৰ অতিৰিক্ত CD ত Mozilla প্লাগ-ইন flash-plugin আৰু acroread-plugin আছে । দুয়োতা প্লাগ-ইন ৩২-বিট, আৰু সেইবাবে ৬৪-বিট Firefox চৰকৰ সৈতে সংস্থাপন কৰিব'লৈ উপদেশ দিয়া নহয় ।

  • খণ্ডিত সংস্থাপন মাধ্যমেৰে সম্পূৰ্ণ ভাৰ্চুৱেলাইজ অতিথিৰ সংস্থাপন -- বিষেশকৈ, বহুসংখ্যক CD-ROM ৰ যোগেদি-- বিফল হ'ব পাৰে সংস্থাপন CD সমূহ সলনি কৰা সময়ত । অতিথি OS সংস্থাপন প্ৰক্ৰিয়াৰ সময়ত, ব্যৱহাৰকৰোঁতাক সংস্থাপন CD সমূহ তুলি ল'ব'লৈ বা অৱৰোহণ কৰিব'লৈ বাধা দিব পাৰে, যি সংস্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ নিদিয়ে ।

    সেইবাবে, অতিথি OS সংস্থাপন প্ৰক্ৰিয়াত CD-ROM প্ৰতিমুৰ্তি সলনি কৰিব'লৈ আপোনাক QEMU মণিটৰ কন্সল ব্যৱহাৰ কৰাৰ উপদেশ দিয়া হয় । নিয়মাৱলী এই ধৰণৰ:

    1. অতিথি OS লৈ এটা চিত্ৰাঙ্কিত VNC কন্স'ল খোলক ।

    2. অতিথি OS ত CD-ROM যন্ত্ৰ অৱৰোহণ কৰক ।

    3. QEMU মণিটৰ কন্স'ললৈ যাওক Ctrl-Alt-2 টিপি ।

    4. eject hdc আদেশ চলাওক ।

    5. change hdc < গৃহস্থ ব্যৱস্থাপ্ৰণালীৰ CD-ROM ৰ পথত > চলাওক ।

    6. অতিথি OS কন্স'ললৈ ঘুৰি যাওক Ctrl-Alt-1 টিপি ।

    7. অতিথি OS ত CD-ROM যন্ত্ৰ তুলি লওক ।

    মন কৰিব যে নিয়মিত VNC গ্ৰাহক ব্যৱহাৰ কৰোঁতে গৃহস্থাৰ X সেৱকে Ctrl-Alt-2 আৰু Ctrl-Alt-1 আদেশ বুজি পাওঁতে সমস্যা পাব পাৰে । virt-manager ত এই সমস্যাৰ সমাধানৰ বাবে, sticky keys ব্যৱহাৰ কৰিব । Ctrl তিনিবাৰ টিপিলে "লাগি ধৰা" হয় যেতিয়ালৈকে পৰৱৰ্তী সলনি নকৰা বুটাম টিপা নহয় । এই ধৰণে, Ctrl-Alt-1 পঠিয়াব'লৈ,Ctrl দুবাৰ টিপক Ctrl-Alt-1 টিপাৰ আগতে ।

  • কিছুমান যন্ত্ৰ যি NVIDIA চিত্ৰাঙ্কণৰ কাৰ্ড ব্যৱহাৰ কৰে দূষিত চিত্ৰ বা আখৰ দেখুৱাব পাৰে চিত্ৰাঙ্কিত সংস্থাপক ব্যৱহাৰ কৰোঁতে বা চিত্ৰাঙ্কিত প্ৰৱেশৰ সময়ত । ইয়াৰ সমাধানৰ বাবে, এটা ভাৰ্চুৱেল কন্স'ললৈ গৈ X গৃহস্থলৈ ঘুৰি আহক ।

  • Red Hat Enterprise Linux 5 চালক উন্নয়নৰ প্ৰতিৰূপ এ সলনি হোৱা initrd প্ৰতিমুৰ্তি সৃষ্টি কৰে যেতিয়াই বুটপথ-সলনি কৰা চালক থকা এটা kmod সৰঞ্জাম সংস্থাপিত কৰা হয় । কিছু সময়ত, সমৰ্থনৰ initrd প্ৰতিমুৰ্তিৰ সংখ্যাই /boot বিভাজন পূৰ্ণ কৰিব পাৰে, বিশেষকৈ যেতিয়া ব্যৱস্থাপ্ৰণালীত বহুতো চালকৰ উন্নয়ন কৰা হৈছে ।

    সেইবাবে, /boot বিভাজনত মুক্ত স্থান পৰীক্ষা কৰি থকাৰ উপদেশ দিয়া হৈছে যদি আপুনি নিয়মিতভাবে চালকৰ উন্নয়ন কৰে । আপুনি/boot ত আৰু অধিক স্থান মুক্ত কৰিব পাৰে পূৰণিinitrd প্ৰতিমুৰ্তি আঁতৰাই; এই নথিপত্ৰসমূহ .img0, .img1, .img2, আৰু ইত্যাদি নামত অন্ত হয় ।

  • Red Hat Enterprise Linux ৰ ভাৰ্চুৱেলাইজেছনৰ কাৰ্ণেল ৬৪ GB তকৈ অধিক স্মৃতিশক্তিৰ সেতে শুদ্ধকৈ কাম নকৰিব পাৰে । ৬৪ GB ৰ অধিক দৈহিক স্মৃতিশক্তি সংস্থাপন থকা যন্ত্ৰত ভাৰ্চুৱেলাইজেছনৰ কাৰ্ণেল আৰম্ভ কৰিব'লৈ, আপুনি কাৰ্ণেলৰ আদেশ শাৰীত dom0_mem=4G mem=64G যোগ দিব লগা হ'ব পাৰে । যেনে:

    title Red Hat Enterprise Linux Server (2.6.18-4.el5xen)
            root (hd0,0)
            kernel /xen.gz-2.6.18-4.el5 dom0_mem=4G mem=64G
            module /vmlinuz-2.6.18-4.el5xen ro root=LABEL=/
            module /initrd-2.6.18-4.el5xen.img
    
  • আঁতৰাব পৰা মাধ্যমত Autorun বৰ্ত্তমানে নিষ্ক্ৰিয় । Red Hat Enterprise Linux অতিৰিক্ত CDৰ পৰা সৰঞ্জাম সংস্থাপন কৰিব'লৈ, CD সংস্থাপকক এই আদেশৰ দ্বাৰা নিজেই আৰম্ভ কৰক:

    system-cdinstall-helper /media/path-to-mounted-drive

  • Red Hat Enterprise Linux ৪ৰ পৰা Red Hat Enterprise Linux 5 লৈ উন্নত কৰোঁতে, ডিপ্লইমেন্ট পথপঞ্জী স্বয়ং সংস্থাপিত নহয় । আপুনি নিজেই সংস্থাপন কৰিব'লৈ pirut ব্যৱহাৰ কৰিব লাগিব উন্নয়ন অন্ত কৰাৰ পিছত ।

  • এটা autofs বাগৰ বাবে বহুতো একেলগে তুলি লোৱা কাৰ্য্য শুদ্ধকৈ কাম নকৰে ।

    এটা অৱসানৰ সময়ত, অন্য অংশ কৰ্মৰত হৈ থাকোঁতে যদি অন্তত পৰীক্ষা কৰিব লগা বহু ধৰণে তুলি লোৱা অংশ কোনো তুলি লোৱা অংশৰ সৈতে সম্বন্ধিত নহয়, autofs এ ভুলভাবে বহু ধৰণে তুলি লোৱা অংশক অৱসান ঘটা হিচাপে ধৰে । ইয়াৰ কাৰণে বহু ধৰণে তুলি লোৱা অংশৰ আংশিক ভাবে অৱসান ঘটে, যাৰ ফলত বহু ধৰণে তুলি লোৱা অংশই সঁহাৰি নিদিয়ে পিছৰ তুলি লোৱা অনুৰোধ আৰু অৱসান ঘটা প্ৰক্ৰিয়ালৈ ।

    এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে, autofs উন্নত কৰক yum update autofs আদেশ ব্যৱহাৰ কৰি ।

  • ব্যৱস্থাপ্ৰণালী সফল ভাবে এটা kexec/kdump কাৰ্ণেলত পুনৰাৰম্ভ ন'হ'ব পাৰে যদি X চলি আছে আৰু vesa ৰ বাহিৰে অন্য এটা চালক ব্যৱহাৰ কৰিছে ।এই সমস্যঅ অকল ATI Rage XL চিত্ৰাঙ্কণৰ ছিপ্‌ছেতৰ লগতহে আছে ।

    যদি ATI Rage XL থকা ব্যৱস্থাপ্ৰণালীত X চলি আছে, kexec/kdump কাৰ্ণেললৈ সফল ভাবে পুনৰাৰম্ভ কৰিব'লৈ এটা vesa চালক ব্যৱহাৰ কৰাতো সুনিশ্চিত কৰক ।

  • পঢ়িব পৰা আৰু লিখিব পৰাকৈ তুলি লোৱা এটা NFS অংশত এটা boot.iso ব্যৱহাৰ কৰি এটা সম্পূৰ্ণ ভাৰ্ছুৱেল অতিথি সৃষ্টি কৰাটো শুদ্ধকৈ সম্পন্ন ন'হ'ব ।এই সমস্যাৰ সমাধানৰ বাবে, NFS অংশ অকল পছিব পৰাকৈহে তুলি লওক ।

    যদি আপুনি NFS অংশ অকল পঢ়িব পৰাকৈ তুলি ল'ব পৰা নাই, boot.iso ক স্থানিক /var/lib/xen/images/ পঞ্জিকালৈ নকল কৰক ।

সাধাৰণ তথ্য

এই বিভাগত কিছু সাধাৰণ তথ্য লেখা হৈছে যি বিশেষ কোনো বিভাগৰ ক্ষেত্ৰত নিৰ্দিষ্টৰূপে প্ৰযোজ্য নহয় ।

Red Hat Enterprise Linux ডিপ্লোয়মেন্ট গাইড

Red Hat Enterprise Linux ৰ এই সংস্কৰণত পৰিপূৰ্ণ তথ্য সমৃদ্ধ ডিপ্লোয়মেন্ট গাইড উপস্থিত কৰা হৈছে । এইখন উপক্ৰম কৰিব হ'লে ব্যৱস্থাপ্ৰণালী (উপস্থিত পেনেল) => নথিপত্ৰ => Red Hat Enterprise Linux Deployment Guide চাওক ।

Red Hat ৰ সকলো সমৰ্থিত ভাষাত ডিপ্লোয়মেন্ট গাইড উপলব্ধ কৰাৰ প্ৰয়াস থাকিব । ডিপ্লোয়মেন্ট গাইডৰ কোনো স্থানীয় সংস্কৰণ সংস্থাপন কৰিলে অনুগ্ৰহ কৰি নতুন সংস্কৰণ প্ৰকাশণৰ পিছত Red Hat Network ৰ মাধ্যমেৰে উন্নয়ন কৰক ।

ভাৰচুৱেলাইজেচন্

Red Hat Enterprise Linux 5 ত i686 আৰু x86-64 ৰ বাবে ব্যৱহাৰযোগ্য Xen-ভিত্তিক ভাৰ্চুৱেলাইজেছন বৈশিষ্ট্য আৰু ভাৰ্চুৱেলাইজ কৰা পৰিবেশ পৰিচালনাৰ বাবে চালনাজ্ঞান ভিত্তি উপস্থিত আছে ।

Red Hat Enterprise Linux 5 ত hypervisor ৰ ওপৰত ভিত্তি কৰিভাৰ্চুৱেলাইজেছনৰ সেৱা উপলব্ধ কৰা হয় । এইটো পেৰা-ভাৰ্চুৱেলাইজেছন বৈশিষ্ট্যেৰ সহায়ে অত্যন্ত কম কৰ্মভাৰৰ দ্বাৰা ভাৰ্চুৱেলাইজেছন উপলব্ধ কৰে । Intel Virtualization Technology বা AMD AMD-V বৈশিষ্ট্যসম্পন্ন প্ৰক্ৰিয়াৰসহ Red Hat Enterprise Linux 5 ৰ ভাৰ্চুৱেলাইজেছন ব্যৱস্থা সম্পূৰ্ণ ভাৰ্চুৱেলাইজ কৰা ধৰণে অপৰিবৰ্তিত কাৰ্য্যকৰ ব্যৱস্থাপ্ৰণালী চলাব'লৈ সক্ষম ।

Red Hat Enterprise Linux 5 ৰ ভাৰচুৱেলাইজেচনত নিম্নলিখিত আকৰ্ষণ পোৱা যাই:

  • Libvirt, ভাৰ্চুৱেল যন্ত্ৰ পৰিচালনাৰ উদ্দেশ্যে স্থায়ী আৰু বিবিধ অবস্থানত ব্যৱহাৰযোগ্য API ৰ যোগান ধৰা এটা লাইব্ৰেৰি ।

  • Virtual Machine Manager, ভাৰ্চুৱেল যন্ত্ৰ নিৰীক্ষণ আৰু পৰিচালনাৰ উদ্দেশ্যে এটা চিত্ৰাংকিত সামগ্ৰী ।

  • সংস্থাপকত ভাৰ্চুৱেল যন্ত্ৰৰ সমৰ্থন আৰু ভাৰ্চুৱেল যন্ত্ৰ kickstart ৰ ক্ষমতা ।

Red Hat Network ভাৰ্চুৱেল যন্ত্ৰৰো সমৰ্থন দিয়ে ।

বৰ্ত্তমানে, ভাৰ্চুৱেলাইজেছন বৈশিষ্টৰ নিম্নলিখিত কাৰ্য্যক্ষমতাৰ সীমা আছে:

  • যেতিয়া ভাৰ্চুৱেলাইজেছন সক্ৰীয় কৰা হয়, RAM বা ডিষ্কলৈ স্থগিত কৰা সমৰ্থিত নহয়, আৰু CPU চলাঙ্কৰ ক্ৰমবৰ্ধন কৰিব নোৱাৰি ।

  • যান্ত্ৰিকভাবে ভাৰ্চুৱেলাইজ কৰা অতিথি ব্যৱস্থাপ্ৰণালীৰ ৪ গিগাবাইটেৰ অধিক ভাৰ্চুৱেল স্মৃতিশক্তিউপস্থিত থাকিব নোৱাৰে ।

  • সম্পূৰ্ণ ৰূপে ভাৰ্চুৱেলাইজ কৰা অতিথি ব্যৱস্থাপ্ৰণালী সংৰক্ষণ, পুনৰুদ্ধাৰ অথবা স্থানান্তৰ কৰা সম্ভৱ নহয় ।

  • Virtual Machine Manager ত xm create আদেশৰ কোনো চিত্ৰাংকিত ৰূপ উপস্থিত নাই ।

  • ভাৰ্চুৱেলাইজেছন দ্বাৰা অকল bridged networking ৰ অংশহে সমৰ্থিত হয় । অতিথি ব্যৱস্থাপ্ৰণালীৰ দ্বাৰা ব্যৱহৃত সকলো ধৰণৰ সামগ্ৰী দ্বাৰা স্বয়ংক্ৰিয় ৰূপে এই বৈশিষ্ট্য ব্যৱহৃত হয় ।

  • ভাৰ্চুৱেলাইজেছনৰ বাবে বিকল্পিত Red Hat SELinux নিয়মনীতিৰ ফলত অকল বিন্যাস নথিপত্ৰ /etc/xen, লগ নথিপত্ৰ /var/log/xen/ আৰু ডিস্ক নথিপত্ৰ (কোৰ ডাম্প সহ) /var/lib/xenলেখাৰ অনুমতি প্ৰদান কৰা হয় । semanage সহায়েৰে এই সমস্ত বৈকল্পিক অবস্থান পৰিবৰ্তন কৰিব পাৰি ।

  • ভাৰ্চুৱেলাইজেছনৰ এই সংস্কৰণত উপলব্ধ হাইপাৰ-ভাইসৰ NUMA-সচেতন নহয় ; যাৰ ফলত NUMA যন্ত্ৰত সম্পূৰ্ণৰূপে কৰ্ম সঞ্চালন কৰোঁতে সক্ষম ন'হ'বও পাৰে । ভৱিষ্যতে Red Hat Enterprise Linux 5 ৰ কোনো উন্নয়নত এই সমস্যাৰ সমাধান কৰা হ'ব ।

    এই সমস্যা সমাধানৰ বাবে NUMA যন্ত্ৰৰ BIOS ত memory node interleaving সক্ৰিয় কৰক । ইয়াৰ ফলত সুসংগত কৰ্ম সঞ্চালন কৰা সম্ভৱ হ'ব ।

  • পেৰা-ভাৰ্চুৱেলাইজ কৰা ক্ষেত্ৰসমূহত বৰ্ত্তমানে en-US ৰ বাদে অন্য কোনো কি-বোৰ্ডৰ ব্যৱহাৰ সমৰ্থিত নহয় । অন্যান্য কি-বোৰ্ড ব্যৱহাৰ কৰিলে কোনো তথ্য লেখা সম্ভৱ নহ'বও পাৰে । Red Hat Enterprise Linux 5 ৰ ভবিষ্যতৰ উন্নয়নত এই সমস্য সমাধান কৰা হ'ব ।

  • ভাৰ্চুৱেলাইজ কৰা কাৰ্ণেল দ্বাৰা kdump ব্যৱহাৰ কৰা সম্ভৱ নহয় ।

  • qcow আৰু vmdk প্ৰতিমুৰ্তি বৰ্ত্তমানে সমৰ্থিত নহয় । অতিথি ব্যৱস্থাপ্ৰণালী বিন্যাস কৰাৰ সময় প্ৰকৃত অথবা লজিকেল যন্ত্ৰ উপস্থিত প্ৰতিমুৰ্তিৰ ক্ষেত্ৰত phy: ধৰণ ব্যৱহাৰ কৰক আৰু নথিপত্ৰ উপস্থিত প্ৰতিমুৰ্তিৰ ক্ষেত্ৰত, পেৰাভাৰ্চুৱেলাইজ কৰা অতিথি ব্যৱস্থাপ্ৰণালীৰ বাবে tap:aio: ব্যৱহাৰ কৰক আৰু সম্পূৰ্ণৰূপে ভাৰ্চুৱেলাইজ কৰা অতিথি ব্যৱস্থাপ্ৰণালীৰ ক্ষেত্ৰত file: ব্যৱহাৰ কৰক ।

  • পেৰাভাৰ্চুৱেলাইজ কৰা ক্ষেত্ৰত মাউছৰ আপেক্ষিক স্থান পৰিবৰ্তন চিনাক্ত কৰা হয় আৰু পইন্টাৰৰ গতি সুসংগত নহ'ব পাৰে । ভৱিষ্যতে Red Hat Enterprise Linux 5 ৰ কোনো উন্নয়নত এই সমস্যাৰ সমাধান কৰা হব ।

  • এটা পেৰাভাৰ্চুৱেলাইজ্ড অতিথিৰ বাবে কাৰ্য্যকৰ ক'ন্সোল পাবলৈ, আপুনি কাৰ্ণেলৰ আদেশ শাৰীত console=xvc0 নিৰ্ধাৰণ কৰিব লাগিব ।

  • যেতিয়া অতিথি কাৰ্য্যকৰপ্ৰণালী বিক্ষিপ্ত নথিপত্ৰ ব্যৱহাৰৰ বাবে বিন্যাস কৰা হয়, dom0 ত ডিষ্ক স্থান নাথাকিবও পাৰে । এনে ঘটনায়ে অতিথি ডিষ্কত লিখা কাৰ্য্য সম্পূৰ্ণ হোৱাত বাধা দিয়ে, আৰু অতিথিত তথ্য হেৰুৱাব পাৰে । ইয়াৰ উপৰিও, যি অতিথিয়ে বিক্ষিপ্ত নথিপত্ৰ ব্যৱহাৰ কৰে সুৰক্ষিতভাবে I/O সমকালিন নকৰে ।

    সেইবাবে, ইয়াৰ সলনি বিক্ষিপ্ত নোহোৱা নথিপত্ৰ ব্যৱহাৰ কৰাৰ উপদেশ দিয়া হয় । বিক্ষিপ্ত নোহোৱা নথিপত্ৰ ব্যৱহাৰ কৰিবৰ কাৰণে অতিথিক বিন্যাস কৰিব হ'লে, virt-install পৰিচালনাৰ সময়ত --nonsparse বিকল্প ব্যৱহাৰ কৰিব ।

ওৱেব সেৱক টোপোলাৰ সালসলনি

Red Hat Enterprise Linux 5 ত বৰ্ত্তমানে Apache HTTP সেৱকৰ সংস্কৰণ ২.২ অন্তৰ্ভুক্ত কৰা হৈছে । এই মুক্তিত ২.০ সংস্কৰণৰ তুলনাত কিছুমান উন্নত বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে:

  • উন্নত ভঁৰালৰ অংশ (mod_cache, mod_disk_cache, mod_mem_cache)

  • পূৰ্বৰ সংস্কৰণত উপস্থিত অনুমোদন অংশৰ পৰিবৰ্তে অনুমোদন আৰু পৰিচয় প্ৰমাণৰ উদ্দেশ্যে ব্যৱহৃত নতুন গঠন

  • নিযুক্তকৰ ভাৰসাম্য বজায় ৰখাৰ উদ্দেশ্যে সমৰ্থন ব্যৱস্থা (mod_proxy_balancer)

  • ৩২-বিট প্ল্যাটফৰ্মত ওপৰত বৃহৎ মাপৰ নথিপত্ৰ (যেনে ২ গিগাবাইটৰ অধিক) পৰিচালনাৰ বৈশিষ্ট্য

httpd'ৰ বিকল্পিত বিন্যাসত নিম্নলিখিত পৰিবৰ্তন কৰা হৈছে:

  • mod_cern_meta আৰু mod_asis অংশসমূহবৈকল্পিক ৰূপে বৰ্ত্তমানে লোড কৰা নহয় ।

  • mod_ext_filter অংশক বৰ্ত্তমানে বৈকল্পিকভাবে তুলি লোৱা হয় ।

Red Hat Enterprise Linux ৰ কোনো পূৰ্বৰ সংস্কৰণৰ বাবে উন্নয়ন কৰাৰ সময়ত httpd সংক্ৰান্ত বিন্যাস httpd ২.২ সংস্কৰণ অনুযায়ী উন্নত কৰা আৱশ্যক । অধিক তথ্যৰ বাবে http://httpd.apache.org/docs/2.2/upgrading.html চাওক ।

মন কৰিব যে কোনো তৃতীয় পক্ষীয় অংশ যি httpd 2.0 ৰ বাবে সঙ্কলন কৰা হৈছিল httpd 2.2 ৰ বাবে পুনঃ নিৰ্মাণ কৰিব লাগিব ।

php

Red Hat Enterprise Linux 5 ত PHP ৰ ৫.১ সংস্কৰণ অন্তৰ্ভুক্ত কৰা হৈছে । এই সংস্কৰণত ভাষা আৰু কাৰ্য্যকৰণ সংক্ৰান্ত বহুতো পৰিবৰ্ত্তন কৰা হৈছে । নতুন সংস্কৰণৰ সৈতে সুসংগত ব্যৱহাৰৰ উদ্দেশ্যে সম্ভৱত কিছুমান স্ক্ৰিপ্টৰ পৰিবৰ্ত্তনৰ প্ৰয়োজন হ'ব পাৰে; PHP ৪.৩ ক PHP ৫.১ লৈ কৰা পৰিবৰ্ত্তনৰ পদ্ধতি সম্পৰ্কে অধিক তথ্যৰ বাবে নিম্নলিখিত সংযোগ পঢ়ক:

http://www.php.net/manual/en/migration5.php

/usr/bin/php নিৰ্বাহসাধ্য বৰ্ত্তমানে CGI SAPI ৰ পৰিবৰ্তে CLI আদেশ শাৰী SAPI ৰ সৈতে নিৰ্মিত হৈছে । CGI SAPI ৰ বাবে /usr/bin/php-cgi ব্যৱহাৰ কৰক । php-cgi নিৰ্বাহসাধ্যত FastCGI ৰ সমৰ্থন উপলব্ধ কৰা হৈছে ।

নিম্নলিখিত সম্প্ৰসাৰণৰ অংশ যোগ কৰা হৈছে:

  • MySQL ৪.১ সংস্কৰণৰ বাবে বিশেষৰূপে নিৰ্মিত নতুন প্ৰেক্ষাপট mysqli সম্প্ৰসাৰণ । এইটো php-mysql সৰঞ্জামতে অন্তৰ্ভুক্ত কৰা হৈছে ।

  • date, hash, Reflection, SPL আৰু SimpleXML (php সৰঞ্জামত অন্তৰ্ভুক্ত)

  • pdo আৰু pdo_psqlite (php-pdo সৰঞ্জামত)

  • pdo_mysql (php-mysql সৰঞ্জামত)

  • pdo_pgsql (php-pgsql সৰঞ্জামত)

  • pdo_odbc (php-odbc সৰঞ্জামত)

  • soap (php-soap সৰঞ্জামত)

  • xmlreader আৰু xmlwriter ( php-xml সৰঞ্জামত)

  • dom (domxml সম্প্ৰসাৰণ php-xml সৰঞ্জামত সলনি কৰি)

নিম্নলিখিত সম্প্ৰসাৰণৰ অংশসমূহ বৰ্ত্তমানে অপসাৰিত হৈছে:

  • dbx

  • dio

  • yp

  • overload

  • domxml

The PEAR Framework

PEAR ভিত্তি বৰ্ত্তমানে php-pear সৰঞ্জামত অন্তৰ্ভুক্ত কৰা হৈছে । অকল নিম্নলিখিত PEAR অংশসমূহ Red Hat Enterprise Linux 5 ত অন্তৰ্ভুক্ত কৰা হৈছে:

  • Archive_Tar

  • Console_Getopt

  • XML_RPC

গুপুত কৰা শ্বেপ বিভাজন আৰু ৰূট নোহোৱা নথিপত্ৰপ্ৰণালী

Red Hat Enterprise Linux 5 ত বৰ্ত্তমানে গুপুত কৰা শ্বেপ বিভাজন আৰু ৰূট নোহোৱা নথিপত্ৰপ্ৰণালীৰ বাবে প্ৰাৰম্ভিক স্তৰৰ সমৰ্থন উপলব্ধ কৰা হৈছে । এই বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰাৰ বাবে /etc/fstab নথিপত্ৰত নিৰ্মিত যন্ত্ৰসমূহ উল্লেখ কৰা মতে/etc/crypttab নথিপত্ৰত যথাযত তথ্য যোগ কৰক ।

/etc/crypttab প্ৰৱেশৰ এটা নমুনা তলত উল্লেখ কৰা হৈছে:

my_swap /dev/hdb1 /dev/urandom swap,cipher=aes-cbc-essiv:sha256

ইয়াৰ দ্বাৰা গুপুত কৰা ব্লক-যন্ত্ৰ /dev/mapper/my_swap নিৰ্মিত হয় যি /etc/fstab নথিপত্ৰত উল্লেখিত হ'ব ।

নথিপত্ৰপ্ৰণালী আয়তনৰ বাবে /etc/crypttab নথিপত্ৰৰ প্ৰৱেশৰ নমুনা তলত উল্লেখিত কৰা হৈছৈ:

my_volume /dev/hda5 /etc/volume_key cipher=aes-cbc-essiv:sha256

/etc/volume_key নথিপত্ৰত এটা সাধাৰণ লিপি বিন্যাসৰ গুপুত কৰা চাবি উপস্থিত আছে । চাবি-নথিপত্ৰৰ নাম ৰূপে none উল্লেখ কৰা যাব । ইয়াৰ ফলত বুট কৰাৰ সময় এটা গুপুত কৰা চাবি উল্লেখ কৰাৰ অনুৰোধ কৰা হয় ।

নথিপত্ৰপ্ৰণালীৰ আয়তন স্থাপনাৰ বাবে LUKS (Linux Unified Key Setup) ব্যৱহাৰ কৰাৰ বিশেষ প্ৰস্তাব উপদেশ কৰা হয় । ইয়াৰ বাবে নিম্নলিখিত পদক্ষেপ অনুসৰণ কৰক:

  1. cryptsetup luksFormat প্ৰয়োগ কৰি গুপুট কৰা আয়তন নিৰ্মাণ কৰক ।

  2. প্ৰয়োজনীয় ভৰ্তি /etc/crypttab ত যোগ কৰক ।

  3. cryptsetup luksOpen প্ৰয়োগ কৰি (বা পুনৰাৰম্ভ কৰি) আয়তন স্বয়ং স্থাপন কৰক ।

  4. গুপুত কৰা আয়তনৰ ওপৰত এটা নথিপত্ৰপ্ৰণালী নিৰ্মাণ কৰক ।

  5. /etc/fstab নথিপত্ৰত এটা আৱশ্যক প্ৰৱেশ যোগ কৰক ।

তোলাক আৰু বাহিৰ কৰক

mount আৰু umount আদেশে এতিয়া আৰু পোনে পোনে NFS সমৰ্থিত নকৰে; কোনো অন্তৰ্নিহিত NFS গ্ৰাহক বৰ্ত্তমানে উপস্থিত নাই । /sbin/mount.nfs আৰু /sbin/umount.nfs সহায়ক বস্তু উপলব্ধ কৰা এটা বেলেগ nfs-utils সৰঞ্জাম সংস্থাপন কৰাৰ আৱশ্যক ।

CUPS মুদ্ৰক চৰণ কৰা

system-config-printer নামক চিত্ৰাঙ্কিত সামগ্ৰীৰ সহায়ত স্থানীয় ছাব-নে'টৰ ওপৰত CUPS মুদ্ৰক চৰণ কৰা সম্ভৱ হয় । CUPS ওৱেব সংযোগমাধ্যম, http://localhost:631/ ৰ সহায়তো এইটো সম্ভৱ ।

ভিন্ন ছাব-নেটত মুদ্ৰক চৰণৰ বাবে সুনিৰ্দিষ্ট broadcast ব্যৱহাৰ কৰাৰ বাবে গ্ৰাহক ব্যৱস্থাপ্ৰণালীৰ /etc/cups/cupsd.conf নথিপত্ৰ খুলি BrowseAllow @LOCAL শাৰীৰ পৰিবৰ্ত্তে BrowseAllow ALL লিখক ।

ATI আৰু R500 ৰ সমৰ্থন

R500 চিপসেট ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত ATI চিত্ৰাঙ্কিত কাৰ্ডত বৰ্ত্তমানে অকল vesa চালকৰ বাবেহে সমৰ্থিত আৰু স্বতন্ত্ৰ মনিটৰ, LCD প্ৰক্ষেপকবা ত্বৰণশক্তি থকা 3D ব্যৱস্থাত Red Hat Enterprise Linux 5 এ সমৰ্থন নকৰে ।

up2date আৰু yum

up2date অবচিত কৰা হৈছে আৰু ইয়াৰ পৰিবৰ্ত্তে yum (Yellowdog Updater Modified) ব্যৱহাৰ কৰা হ'ব । আপোনাৰ ব্যৱস্থাপ্ৰণালীত up2date-ভিত্তিক কোনো স্ক্ৰিপ্ট ব্যৱহাৰ কৰা হ'লে তাৰ পৰিবৰ্ত্তন কৰা উপদেশিত । yum সম্পৰ্কে অধিক তথ্যৰ বাবে man yum আদেশ প্ৰয়োগ কৰি man পৃষ্ঠা পঢ়ক; /usr/share/doc/yum-<version> আৰু /usr/share/doc/yum-metadata-parser-<সংস্কৰণ> (<সংস্কৰণ> ৰ পৰিবৰ্ত্তে সংস্থাপন কৰা yum আৰু yum-metadata-parser ৰ সংস্কৰণ উল্লেখ কৰক) পঞ্জীকাত সংস্থাপন কৰা নথিপত্ৰ পঢ়ক ।

OpenLDAP সেৱক আৰু Red Hat পঞ্জীকাৰ সেৱক

Red Hat পঞ্জীকা সেৱক এটা LDAP-ভিত্তিক সেৱক যি উদ্যোগ আৰু নে'টৱৰ্কৰ তথ্য কেন্দ্ৰীভূত কৰে এটা OS-স্বাধীন, নে'টৱৰ্ক-ভিত্তিৰ পঞ্জীয়ন লৈ । এইটো OpenLDAP সেৱকৰ অংশ প্ৰতিস্থাপন কৰিব'লৈ নিৰ্ধাৰিত কৰা হৈছে, যি Red Hat Enterprise Linux 5 ৰ পিছতঅবচিত হ'ব । Red Hat পঞ্জীকা সেৱকৰ অধিক তথ্যৰ বাবে http://www.redhat.com/software/rha/directory/ চাওক ।

i810 চালক আৰু i830 ৰ সমৰ্থন

i810 চালকৰ দ্বাৰা i810ৰ পৰা আৰম্ভ কৰি i965 লৈ সকলো ধৰণৰ সংযুক্ত Intel চিত্ৰাঙ্কিত চিপসেট সমৰ্থিত হ'ব । তথাপিও i830 (আৰু ইয়াৰ পৰবৰ্তী) চিপসেটৰ বাবে সীমিত সমৰ্থন উপলব্ধ কৰা হ'ব; i810 চালকৰ দ্বাৰা অকল ভিডিও BIOS ত উপস্থিত ধৰণ নিৰ্বাচন কৰা সম্ভৱ । আপোনাৰ যন্ত্ৰত i830 বা ইয়াৰ পৰবৰ্তী কোনো চিপসেট সংস্থাপন কৰা হলে নিম্নলিখিত আদেশ প্ৰয়োগ কৰি উপলব্ধ ধৰণ পৰীক্ষা কৰক:

grep Mode: /var/log/Xorg.0.log

তৰাৰ চিহ্ন (*) যুক্ত ধৰণসমূহ ব্যৱহাৰৰ বাবে উপলব্ধ আছে ।

বহুতো লেপ্টপৰ ভিডিও BIOS ৰ দ্বাৰা নেটিভ পেনেলৰ মাপৰ সৈতে সুসঙ্গত ধৰণ উপলব্ধ কৰা নহয় । ইয়াৰ ফলত নিৰ্বাচিত ধৰণত পৰ্দা প্ৰসাৰিত বা বিকৃত অবস্থাত বা ক'লা প্ৰান্ত ৰেখাযুক্ত প্ৰদৰ্শিত হ'ব । আপোনাৰ নিৰ্বাচিত ধৰণ সঠিকভাবে প্ৰদৰ্শিত ন'হ'লে নেটিভ পেনেলৰ মাপ সংশোধন কৰাৰ বাবে যান্ত্ৰিক বিক্ৰেতাৰ পৰা BIOS উন্নয়ন প্ৰাপ্ত কৰক ।

স্মাৰ্ট-কাৰ্ড প্ৰৱেশ

Red Hat Enterprise Linux 5 ত স্মাৰ্ট-কাৰ্ড সমৰ্থিত হ'ব । ইয়াৰ ফলত চাবিৰ যোৰা আৰু সাৰ্বজনীন চাবি-প্ৰমাণপত্ৰৰ বাবে অতিৰিক্ত নিৰাপত্তা উপলব্ধ কৰা হ'ব । এই চাবিসমূহ এটা পিন সংখ্যাৰ দ্বাৰা সুৰক্ষিত হয় আৰু স্মাৰ্ট-কাৰ্ডৰ যোগেদি কোনো চাবি বা প্ৰমাণপত্ৰ প্ৰয়োজন হ'লে এইটো উল্লেখ কৰা প্ৰয়োজন ।

Red Hat Enterprise Linux 5 পৰিবেশত স্মাৰ্ট-কাৰ্ড স্থাপন কৰা হ'লে অনুমোদন প্ৰক্ৰিয়াৰ বাবে Kerberos আৰু S/MIME প্ৰভৃতি ব্যৱহাৰ কৰি নিৰপত্তাৰ মাত্ৰা বৃদ্ধি কৰা সম্ভৱ । Red Hat Enterprise Linux 5 ৰ দ্বাৰা নিম্নলিখিত সমৰ্থিত হ'ব:

  • Axalto Cyberflex 32K e-Gate

  • DoD CAC কাৰ্ড

স্মাৰ্ট কাৰ্ডৰ দ্বাৰা অনুমোদন ব্যৱস্থা নিৰ্ধাৰণ কৰাৰ বাবে আপোনাৰ নে'টৱৰ্কে Red Hat পঞ্জীলা সেৱক আৰু Red Hat প্ৰমাণপত্ৰ প্ৰণালীৰ সৈতে সংস্থাপন কৰা আৱশ্যক । স্মাৰ্ট-কাৰ্ড সম্পৰ্কে অধিক তথ্যৰ বাবে Red Hat Enterprise Linux ডিপ্লোয়মেন্ট গাইডে Single Sign-On শীৰ্ষক অধ্যায় পঢ়ক ।

Intel PRO/Wireless 3945ABG নে'টৱৰ্ক সংযোগৰ সমৰ্থন

Red Hat Enterprise Linux 5 ৰ বৰ্ত্তমান মুক্তিত ipw3945 (Intel PRO/Wireless 3945ABG নে'টৱৰ্ক সংযোগ) এডাপ্টাৰ সমৰ্থিত হ' ব । Red Hat Enterprise Linux 5 অতিৰিক্ত ডিস্কত এই এডাপ্টাৰৰ বাবে চালক, পৰিচালনকাৰী ডেমন আৰু ফাৰ্মৱেৰ উপস্থিত আছে ।

নতুন ipw3945 অনাতাঁৰ এডাপ্টাৰৰ বাবে সমৰ্থন সক্ৰিয় কৰিব'লৈ Red Hat Enterprise Linux 5 অতিৰিক্ত ডিস্কত "3945" নাম থকা নথিপত্ৰৰ সৰঞ্জাম অনুসন্ধান কৰি সংস্থাপন কৰক ।

rawio

rawio সংযোগমাধ্যম অবচিত; তথাপিও, Red Hat Enterprise Linux 5 ত এইটো সমৰ্থিত হ'ব । rawio প্ৰয়োগ কৰি যন্ত্ৰ ব্যৱহাৰকৰোঁতা কোনো অনুপ্ৰয়োগ উপস্থিত থাকিলে অনুপ্ৰয়োগ পৰিবৰ্তন কৰক যাৰ ফলত O_DIRECT ফ্লেগৰ সহযোগেৰে ব্লক যন্ত্ৰ খোলক । Red Hat Enterprise Linux 5 ৰ সম্পূৰ্ণ সময়কালে rawio উপলব্ধ থাকিব । উল্লেখযোগ্য যে, ভৱিষ্যতৰ মুক্তিত এইটো অপসাৰণৰ বাবে চিহ্নিত কৰা হৈছে ।

বৰ্ত্তমানে, নথিপত্ৰপ্ৰণালীৰ ওপৰত AIO (Asynchronous I/O) অকল O_DIRECT অথবা নন-বাফাৰ ধৰণত সমৰ্থিত হ'ব । ইয়াৰ উপৰিও অসমকালীন পোল সংযোগমাধ্যম বৰ্ত্তমানে উপস্থিত নাই আৰু পাইপৰ মাধ্যমে AIO সমৰ্থিত নহয় ।

ctmpc

ctmpc চালক অবচিত; তথাপিও Red Hat Enterprise Linux 5 ৰ সম্পূৰ্ণ সময়কালত এইটো উপলব্ধ থাকিব । উল্লেখযোগ্য যে, ভৱিষ্যতৰ মুক্তিত এইটো অপসাৰণৰ বাবে চিহ্নিত কৰা হৈছে ।

নিয়মনীতিৰ অংশ আৰু semanage ৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 5 বৰ্ত্তমানে নিয়মনীতিৰ অংশ আৰু semanage সমৰ্থন কৰিব'লৈ সক্ষম । নিয়মনীতিৰ অংশৰ সহায়ত semodule আৰু checkmodule ৰ মাধ্যমে নিয়মনীতি নিৰ্মাণ বিতৰণ আৰু প্ৰয়োজন অনুসাৰে পৰিবৰ্ত্তণৰ স্বতন্ত্ৰ নিয়মনীতিৰ ব্যৱহাৰ সহজ কৰে ।

semanage এটা নিয়মনীতি পৰিচালনাৰ সামগ্ৰী যাৰ দ্বাৰা SELinux বিন্যাস পৰিবৰ্ত্তন কৰা যাব । ইয়াৰ সহায়ত Linux-ৰ পৰা-SELinux লৈ ব্যৱহাৰকৰোঁতাৰ মেপিং, নথিপত্ৰ সন্দৰ্ভ আৰু নেটৱৰ্কৰ অংশবিশেষৰ লেবেল কৰা সম্ভৱ হয় ।

raw Device মেপিং

Red Hat Enterprise Linux 5 ত raw যন্ত্ৰৰ সংযোগমাধ্যম অবচিত হৈছে; বৰ্ত্তমানে raw যন্ত্ৰৰ মেপিং udev ৰ মাধ্যমে বিন্যাস কৰা হয় ।

raw যন্ত্ৰ মেপিং বিন্যাস কৰাৰ বাবে /etc/udev/rules.d/60-raw.rules ত নিম্নলিখিত আকৃতিৰ যথাযত তথ্য যোগ কৰক:

  • যন্ত্ৰৰ নামৰ বাবে:

    ACTION=="add", KERNEL="<device name>", RUN+="raw /dev/raw/rawX %N"
    
  • major / minor সংখ্যাৰ বাবে:

    ACTION=="add", ENV{MAJOR}="A", ENV{MINOR}="B", RUN+="raw /dev/raw/rawX %M %m"
    

<device name> ৰ পৰিবৰ্তে সংযুক্ত কৰাৰ বাবে চিহ্নিত যন্ত্ৰ (যেনে, /dev/sda1) লিখক । "A" আৰু "B" ৰ দ্বাৰা যন্ত্ৰৰ major / minor সংখ্যা চিহ্নিত হয় আৰু X ৰ দ্বাৰা ব্যৱহাৰযোগ্য raw যন্ত্ৰ সংখ্যা উল্লেখ কৰক ।

বৃহৎ মাপৰ /etc/sysconfig/rawdevices নথিপত্ৰ উপস্থিত থাকিলে নিম্নলিখিত স্ক্ৰিপ্টৰ দ্বাৰা তাৰ ৰূপান্তৰ কৰক:

#!/bin/sh

grep -v "^ *#" /etc/sysconfig/rawdevices | grep -v "^$" | while read dev major minor ; do
        if [ -z "$minor" ]; then
                echo "ACTION==\"add\", KERNEL==\"${major##/dev/}\", RUN+=\"/usr/bin/raw $dev %N\""
        else
                echo "ACTION==\"add\", ENV{MAJOR}==\"$major\", ENV{MINOR}==\"$minor\", RUN+=\"/usr/bin/raw $dev %M %m\""
        fi
done
QLogic সমৰ্থন

Red Hat Enterprise Linux 5 এ QLogic পৰিবাৰৰ iSCSI HBA (Host Bus Adapters) ৰ সমৰ্থন কৰে । বৰ্ত্তমানে, এই ফলকসমূহলৈ অকল iSCSI সংযোগ মাধ্যম (qla4xxx চালক ব্যৱহাৰ কৰি) হে সমৰ্থিত ।

ইয়াৰ উপৰিও, Red Hat এ বৰ্ত্তমানে এই ফলকসমূহক Ethernet NIC ভাবে সমৰ্থন নকৰে, কাৰণ এই দক্ষতাৰ বাবে qla3xxx চালকৰ প্ৰয়োজন । এই সমস্যা Red Hat Enterprise Linux 5 ৰ পিছৰ নিম্নমানৰ মুক্তিত সম্বোধন কৰা হ'ব ।

IBM System z নিৰ্দেশাৱলী

৩১-বিট অনুপ্ৰয়োগৰ বাবে IBM System z নিৰ্দেশাৱলীৰ সুবিধা ল'ব হ'লে, আপুনি gcc বিকল্প -march=z900 ব্যৱহাৰ কৰিব'লৈ উপদেশ দিওঁ । ৬৪-বিট অনুপ্ৰয়োগৰ বাবে,gccIBM System z ৰ নিৰ্দেশাৱলীৰ অবিকল্পিত ভাবে সুবিধা ল'ব ।

লিনাক্সৰ বাবে iSeries অভিগম

লিনাক্সৰ বাবে iSeries ODBC Driver লিনাক্সৰ বাবে iSeries Access ৰ সৈতে সলনি কৰা হৈছে, যিহক নিম্নলিখিত সংযোগৰ পৰা পোৱা যাব:

http://www.ibm.com/eserver/iseries/access/linux/

লিনাক্সৰ বাবে iSeries অভিগমন এ লিনাক্স-ভিত্তিক অভিগমন দিয়ে iSeries সেৱকলৈ, আপোনাক অনুমতি দিয়ে:

  • DB2 UDB (Universal Database) অভিগম কৰিব'লৈ iSeries ৰ বাবে নিজৰ ODBC চালক ব্যৱহাৰ কৰি

  • এটা 5250 অধিবেশন প্ৰতিষ্ঠা কৰে এটা iSeries সেৱকলৈ এটা লিনাক্স গ্ৰাহকৰ পৰা

  • DB2 UDB অভিগমন কৰে EDRS (Extended Dynamic Remote SQL) চালকৰ যোগেদি

  • ৩২-বিট (i386 আৰু PowerPC) আৰু ৬৪-বিট (x86-64 আৰু PowerPC) মঞ্চৰ সমৰ্থন কৰে

IBM Power4 iSeries

Red Hat Enterprise Linux এ IBM Power4 iSeries আৰু সমৰ্থন নকৰে ।

চালক উন্নয়নৰ কাৰ্য্যক্ৰম

এই বিভাগত Red Hat Enterprise Linux 5 ৰ চালক উন্নয়নৰ কাৰ্য্যক্ৰম কাৰ্য্যকৰকৰণৰ তথ্য আছে ।

কাৰ্ণেল অংশৰ সৰঞ্জাম

Red Hat Enterprise Linux 5 ত সুনিৰ্দিষ্ট কাৰ্ণেল মুক্তি সংখ্যাৰ পৰিবৰ্ত্তে বৰ্ত্তমান কাৰ্ণেল ABI সংস্কৰণৰ ওপৰত ভিত্তি কৰি উন্নয়ন কৰা কাৰ্ণেল অংশ সৰঞ্জাম নিৰ্মাণ কৰা সম্ভৱ । ইয়াৰ ফলত Red Hat Enterprise Linux 5 ৰ এটা মুক্তিৰ পৰিবৰ্ত্তে কাৰ্ণেলৰ একাধিক সংস্কৰণৰ সৈতে ব্যৱহাৰযোগ্য কাৰ্ণেল অংশ নিৰ্মাণ কৰা সম্ভৱ । http://www.kerneldrivers.org/ সংযোগে উপস্থিত পৰিকল্পনা ওৱেব-স্থানত সৰঞ্জাম নিৰ্মাণ কৰা আৰু উদাহৰণসহ অতিৰিক্ত তথ্য উপস্থিত আছে ।

মান কৰিব যে নিম্নলিখিত সমস্যাও উদ্ধাৰ কৰা হৈছে:

  • kmod সৰঞ্জাম হিচাপে বিতৰণ কৰা Bootpath চালক আনুষ্ঠানিকভাবে সমৰ্থন কৰা নহয় ।

  • বৰ্ত্তমানে থকা কাৰ্ণেলত অৱস্থিত চালক গৰকি যোৱা বৰ্ত্তমানে সমৰ্থিত নহয় ।

Red Hat Enterprise Linux 5 ৰ কোনো ভৱিষ্যতৰ উন্নয়নত এই সমস্যা সমাধান কৰা হ'ব ।

কাৰ্ণেলৰ অংশ তুলি লোৱা

Red Hat Enterprise Linux 5 ৰ অংশ তুলি লোৱা স্বভাৱ পূৰ্বৰ Red Hat Enterprise Linux ৰ মুক্তিতকে সলনি হৈছে । Red Hat Enterprise Linux 5 ৰ কাৰ্ণেল সৰঞ্জামত পথিওৱা অংশ চহি কৰা, Red Hat Enterprise Linux ৪ ৰ দৰে । Red Hat Enterprise Linux 5 কাৰ্ণেলত, কিন্তু, অন্য এটা কাৰ্ণেল নিৰ্মাণৰ পৰা এটা চহি কৰা অংশ তুলি ল'ব পৰা ন'হ'ব ।

ইয়াৰ মানে আগৰ Red Hat Enterprise Linux 5 বিতৰণৰ সৈতে পথিওৱা অংশ ভৱিষ্যতৰ উন্নত কাৰ্ণেলত তুলি ল'ব পৰা ন'হ'ব । এটা ব্যৱস্থাপ্ৰাণালীত অসমৰ্থিত অংশ তুলি লোৱাত বাধা দি এইটোৱে ব্যৱহাৰকৰোঁতাক সহায় কৰে । Red Hat এ অকল চহি কৰা আৰু নিৰ্দ্দিষ্ট বিতৰণত অন্তৰ্ভুক্ত কৰা অংশহে সমৰ্থন কৰে ।

যদি আপুনি পূৰণি অংশ তুলি ল'ব খোজে, আপুনি চহি নকৰাকৈ পুনঃ নিৰ্মাণ কৰাৰ চেষ্টা কৰিব পাৰে । বৈকল্পিকভাবে, আপুনি বাইনেৰী নথিপত্ৰৰ পৰা চহি আঁতৰাব পাৰে এই আদেশৰ দ্বাৰা:

objcopy -R .module_sig <module name>-mod.ko <module name>-nosig.ko

এইটো উপদেশ দিয়া হয় যে আপুনি এজন মনোনীত Red Hat বিশ্বব্যাপি সমৰ্থন গণপ্ৰতিনিধিৰ সৈতে পৰামৰ্শ কৰক চহি নকৰা অংশ তুলি ল'বলৈ চেষ্টা কৰাৰ পূৰ্বে ।

আন্তৰ্জাতীয়কৰণ

Red Hat Enterprise Linux 5 ৰ অধীন বিভিন্ন ভাষাৰ ব্যৱহাৰৰ বাবে উপলব্ধ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা হৈছে ।

নিবেশ পদ্ধতি

এই মুক্তিত এশিয়ান আৰু অন্যান্য ভাষাৰ বাবে IIIMF ৰ পৰিবৰ্তে SCIM (স্মাৰ্ট কমন ইনপুট মেথড) নিবেশ পদ্ধতিৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছে । SCIM ৰ বিকল্পিত GTK নিবেশ পদ্ধতি অংশ ৰূপে scim-bridge ব্যৱহৃত হয়; Qt ৰ ক্ষেত্ৰত scim-qtimm ব্যৱহৃত হয় ।

বিভিন্ন ভাষাৰ বৈকল্পিক ৰূপে ব্যৱহৃত ট্ৰিগাৰ হট-কি হ'ল:

  • সকলো ভাষা: Ctrl-Space

  • জাপানী: Zenkaku-Hankaku or Alt-`

  • কোৰীয়: Shift-Space

SCIM সংস্থাপন কৰা হ'লে সমস্ত ব্যৱহাৰকৰোঁতাৰ ক্ষেত্ৰত বিকল্পিতৰূপে সক্ৰিয় কৰা হ'ব ।

SCIM ইঞ্জিন সৰঞ্জামসমূহ সংস্থাপন বা অপসাৰণ কৰাৰ পিছত SCIM ৰ ভাষাৰ তালিকাত পৰিবৰ্তিত মান প্ৰয়োগ কৰাৰ বাবে নতুন ডেস্কট'প অধিবেশন আৰম্ভ কৰা উচিত ।

ভাষাৰ সংস্থাপন

কিছুমান এশ্বিয়ান ভাষাৰ অতিৰিক্ত ভাষাৰ সমৰ্থন সক্ৰিয় কৰিব'লৈ, আপুনি প্ৰয়েজনীয় ভাষা সমৰ্থনৰ সৰঞ্জাম সংস্থাপন কৰিব লাগিব । তলত এখন তালিকা দিয়া হ'ল এই ভাষাসমূহৰ আৰু আপুনি চলাব লগা(ৰূট হিচাপে) আদেশ সিহঁতৰ মিল থকা ভাষা সমৰ্থনৰ সৰঞ্জাম:

  • অসমীয়া — yum install fonts-bengali m17n-db-assamese scim-m17n

  • বঙালী—yum install fonts-bengali m17n-db-bengali scim-m17n

  • চীনা — yum install fonts-chinese scim-chewing scim-pinyin scim-tables-chinese

  • গুজৰাটী—yum install fonts-gujarati m17n-db-gujarati scim-m17n

  • হিন্দী — yum install fonts-hindi m17n-db-hindi scim-m17n

  • জাপানী—yum install fonts-japanese scim-anthy

  • কন্নড়—yum install fonts-kannada m17n-db-kannada scim-m17n

  • ক ৰীয়ান—yum install fonts-korean scim-hangul

  • মলয়ালম—yum install fonts-malayalam m17n-db-malayalam scim-m17n

  • মাৰাঠি—yum install fonts-hindi m17n-db-marathi scim-m17n

  • ৱৰীয়্যা—yum install fonts-oriya m17n-db-oriya scim-m17n

  • পাঞ্জাবী—yum install fonts-punjabi m17n-db-punjabi scim-m17n

  • সিংহালা — yum install fonts-sinhala m17n-db-sinhala scim-m17n

  • তামিল—yum install fonts-tamil m17n-db-tamil scim-m17n

  • তেলেগু — yum install fonts-telugu m17n-db-telugu scim-m17n

ভাষা সহায়ক সৰঞ্জাম সংস্থাপন কৰাৰ সময় scim-bridge-gtk আৰু scim-qtimm সংস্থাপন কৰাও বাঞ্ছনীয় । scim-bridge-gtk সৰঞ্জাম libstdc++ ৰ পূৰ্বৰ সংস্কৰণৰ সৈতে যুক্ত স্বতন্ত্ৰ অনুপ্ৰয়োগৰ সৈতে দ্বন্দ্ব আঁতৰাওঁতে সহায় কৰে ।

উল্লেখযোগ্য যে OpenOffice (openoffice.org-langpack-<language code>_<locale>) আৰু KDE ৰ (kde-i18n-<language>) বাবে অতিৰিক্ত ভাষা সহায়তা সৰঞ্জাম উপলব্ধ আছে । এই সৰঞ্জামসমূহ yum ৰ মাধ্যমে সংস্থাপন কৰিব পাৰি ।

im-chooser

ব্যৱহাৰকৰোঁতাৰ সুবিধাৰ্থে im-chooser নামক এটা নতুন বিন্যাস সামগ্ৰী যোগ কৰা হৈছে । ইয়াৰ সহায়ত ডেস্কট'পত নিবেশ পদ্ধতিৰ ব্যৱহাৰ সহজে সক্ৰিয় অথবা নিষ্ক্ৰিয় কৰা যাব পাৰে । উদাহৰণস্বৰূপে, যদি আপোনাৰ ব্যৱস্থাপ্ৰণালীত SCIM সংস্থাপন কৰা থাকে কিন্তু আপুনি সেইটো ব্যৱহাৰ কৰিব'লৈ ইচ্ছুক নহয় তেনেহ'লে im-chooser ৰ সহায়ত তাক নিষ্ক্ৰিয় কৰিব পাৰে ।

xinputrc

X আৰম্ভ কৰোঁতে, xinput.sh ৰ দ্বাৰা বৰ্ত্তমানে ~/.xinput.d/ বা /etc/xinit/xinput.d/ ৰ অধীন বিন্যাস নথিপত্ৰ অনুসন্ধানৰ পৰিবৰ্তে ~/.xinputrc বা /etc/X11/xinit/xinputrc অনুসন্ধান কৰা হয় ।

Firefox ত pango ৰ সমৰ্থন

Red Hat Enterprise Linux 5 ত উপলব্ধ Firefox ৰ সংস্কৰণ Pango সহযোগত নিৰ্মিত হৈছে যাৰ ফলত ইন্ডিক আৰু CJK ৰ লিপিৰ ক্ষেত্ৰত উন্নত সমৰ্থন উপলব্ধ হ'ব ।

Pango ৰ ব্যৱহাৰ নিষ্ক্ৰিয় কৰিব'লৈ Firefox আৰম্ভ কৰাৰ পূৰ্বে ব্যৱহাৰ পৰিবেশত MOZ_DISABLE_PANGO=1 আদেশ প্ৰয়োগ কৰক ।

আখৰ

উজ্জ্বল (bold) সংস্কৰণবিহীন ফন্টৰ বাবে কৃত্ৰিম উজ্জ্বলতাৰ ব্যৱস্থা উপলব্ধ কৰা হৈছে ।

চীনা ভাষাৰ নতুন ফন্ট যোগ কৰা হৈছে: AR PL ShanHeiSun Uni (uming.ttf) আৰু AR PL ZenKai Uni (ukai.ttf) । AR PL ShanHeiSun Uni নামক বিকল্পিত ফন্টত এমবেড কৰা বিটমেপ উপস্থিত আছে । প্ৰান্তৰেখাসহ ফন্টৰ আকাৰ (গ্লিফ) ব্যৱহাৰ কৰিব'লৈ ইচ্ছুক হ'লে ব্যৱস্থাপ্ৰণালীৰ ~/.font.conf নথিপত্ৰত নিম্নলিখিত অংশ যোগ কৰক:

<fontconfig>
  <match target="font">
    <test name="family" compare="eq">
      <string>AR PL ShanHeiSun Uni</string>
    </test>
    <edit name="embeddedbitmap" mode="assign">
      <bool>false</bool>
    </edit>
  </match>
</fontconfig>                                
                        
gtk2 IM submenu

Gtk2 সন্দৰ্ভ তালিকা IM ছাব-তালিকা বৰ্ত্তমানে বিকল্পিতৰূপে প্ৰদৰ্শিত নহয় । নিম্নলিখিত আদেশৰ সহায়ত আদেশ শাৰীৰে সক্ৰিয় কৰিব পাৰে:

gconftool-2 --type bool --set '/desktop/gnome/interface/show_input_method_menu' true

CJK ত টেক্সট ভিত্তিক সংস্থাপনৰ সমৰ্থন

Anaconda ৰ টেক্সট সংস্থাপনত CJK (চীনা, জাপানি আৰু কোৰিয়ান) সম্পাদনৰ সমৰ্থন ব্যৱস্থা অপসাৰিত হৈছে । ভৱিষ্যতে GUI ভিত্তিক সংস্থাপনত, VNC আৰু kickstart সংস্থাপন প্ৰণালীক অধিক গুৰুত্ব প্ৰদান কৰা হ'ব আৰু টেক্সট ভিত্তিক সংস্থাপন প্ৰণালী অবচিত কৰাৰ পৰিকল্পনা আছে ।

gtk+ deprecation

নিম্নলিখিত সৰঞ্জামসমূহ অবচিত হৈছে আৰু Red Hat Enterprise Linux ত অপসাৰণৰ উদ্দেশ্যে চিহ্নিত কৰা হৈছে:

  • gtk+

  • gdk-pixbuf

  • glib

এই সৰঞ্জামসমূহৰ পৰিবৰ্তে আন্তৰ্জাতীয়কৰণ আৰু ফন্ট পৰিচালনাৰ উন্নত বৈশিষ্ট্য উপলব্ধকাৰী gtk2 স্টেক ব্যৱহাৰ কৰা হ'ব ।

কন্সোলত CJK নিবেশ

কন্সোলত চীনা, জাপানি বা কোৰিয়ান লিপি প্ৰদৰ্শন কৰিব'লৈ ইচ্ছুক হ'লে framebuffer স্থাপন কৰা আৱশ্যক; ইয়াৰ পিছত bogl-bterm সংস্থাপন কৰি framebuffer ত bterm চলাওক ।

কাৰ্ণেল সম্বন্ধীয় টোকা

১২ জুলাই ২০০৬ তাৰিখে 2.6.9 (Red Hat Enterprise Linux 4 ৰ ভিত্তি) আৰু 2.6.18 (Red Hat Enterprise Linux 5 ৰ দ্বাৰা এই সংস্কৰণ ব্যৱহৃত হ'ব) সংস্কৰণৰ বৈশিষ্ট্যেৰ প্ৰভেদ সম্পৰ্কে উল্লেখ কৰা হৈছে । 2.6.18 বা 2.6.19 সংস্কৰণত অন্তৰ্ভুক্তৰ বাবে চিহ্নিত যি সমস্ত বৈশিষ্ট্যসমূহৰ (যেনে, ভাৰ্চুৱেলাইজেছন) ওপৰত বৰ্ত্তমানে নিৰ্মাণকৰ্ম চলিছে সেইসমূহ এই বিভাগত দৰ্শোৱা নহয় । অৰ্থাৎ এই তালিকাত অকল প্ৰধান Linus তথ্য আকাৰত উপস্থিত বৈশিষ্ট্য আছে; নিৰ্মাণৰত বিষয়বস্তু উপস্থিত নাই । Red Hat Enterprise Linux 5 ৰ সম্পূৰ্ণ বৈশিষ্ট্যেৰ তালিকা নহ'লেও ইয়াৰ সহায়ত প্ৰত্যাশিত বৈশিষ্ট্যেৰ অনুমান কৰা সম্ভৱ হ'ব । উল্লেখযোগ্য যে, এই বিভাগত সমস্ত বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা নহয় অকল উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ সম্পৰ্কে আলোচনা কৰা হৈছে । বিভিন্ন নিম্নস্তৰৰ যান্ত্ৰিক সমৰ্থনৰ উন্নতি আৰু যন্ত্ৰ চালক সম্পৰ্কিত তথ্য এই ক্ষেত্ৰত অনুপস্থিত ।

পৰবৰ্তী-স্তৰৰ-বিৱৰণৰ প্ৰদৰ্শনৰ বাবে নিম্নলিখিত উৎস অত্যন্ত সহায়ক:

http://kernelnewbies.org/LinuxChanges

কৰ্মক্ষমতা / কৰ্মবৃদ্ধি
  • Big Kernel Lock preemption (2.6.10)

  • Voluntary preemption patches (2.6.13) (Red Hat Enterprise Linux ৪ ৰ অংশ)

  • প্ৰকৃত সময়ৰ অনুপ্ৰয়োগৰ ক্ষেত্ৰত উপযোগী futex ৰ বাবে ব্যৱহাৰকৰোঁতাৰ স্থান স্বল্পমাপৰ priority inheritance (PI) ৰ সমৰ্থন (2.6.18)

  • নতুন 'mutex' locking primitive (2.6.16)

  • উচ্চ স্পষ্টতাৰ সময় নিৰূপক যন্ত্ৰ (2.6.16)

    • kernel/timer.c ত স্থাপিত নিম্ন-স্পষ্টতাৰ সময়সীমাৰ API'ৰ তুলনাত, hrtimers ৰ দ্বাৰা ব্যৱস্থাপ্ৰণালীৰ বিন্যাস আৰু কৰ্মক্ষমতা অনুযায়ী পুঙ্খানুপুঙ্খ স্পষ্টতা আৰু যথাৰ্থতা উপলব্ধ কৰা হৈছে । এই সময় নিৰূপক যন্ত্ৰসমূহ বৰ্ত্তমানে itimers, POSIX timers, nanosleep আৰু precise in-kernel timing ৰ ক্ষেত্ৰত ব্যৱহৃত হয় ।

  • মডুলাৰ, কৰ্মসঞ্চালনকালত পৰিবৰ্তনযোগ্য I/O নিৰ্ধাৰণ ব্যৱস্থা (2.6.10)

    • Red Hat Enterprise Linux 4 ৰ ক্ষেত্ৰত অকল boot বিকল্পৰ সৈতে কৰ্মসঞ্চালনকালত এইটো পৰিবৰ্তন কৰা সম্ভৱ (ইয়াৰ উপৰিও, প্ৰতিটো কিউৰ পৰিবৰ্তে সম্পূৰ্ণ ব্যৱস্থাপ্ৰণালীতে প্ৰযোজ্য)

  • ৪-স্তৰৰ পৃষ্ঠাৰ নিৰ্ঘণ্টলৈ পৰিবৰ্তন (2.6.11)

    • x86-64 ব্যৱস্থাপ্ৰণালীৰ ক্ষেত্ৰত ৫১২ গিগাবাইটৰ পৰা ১২৮ টেৰাবাইট স্মৃতিশক্তি বৃদ্ধি কৰাৰ অনুমতি

  • নতুন পাইপ কাৰ্য্যকৰ কৰণ (2.6.11)

    • পাইপ ব্যান্ডউইথত ৩০-৯০% অবধি কৰ্মক্ষমতা বৃদ্ধি

    • চক্ৰাকাৰ বাফাৰৰ দ্বাৰা ব্লক লিখনব্যৱস্থাৰ তুলনাত অধিক বাফাৰ উপলব্ধ কৰা হয়

  • "Big Kernel Semaphore": Big Kernel Lock-ক semaphore লৈ পৰিবৰ্তন কৰা হয়

    • অতিৰিক্ত দীঘল তলা ধৰা সময় বিভাজন কৰে আৰু স্বেচ্ছাক্ৰমে preemption যোগ কৰি লেটেন্সি হ্ৰাস কৰা হয়

  • X86 "SMP alternatives"

    • উপলব্ধ প্ল্যাটফৰ্ম অনুযায়ী কৰ্ম সঞ্চালনকালত এটা কাৰ্ণেলৰ সৰ্বাধিক কৰ্মক্ষমতা ব্যৱহৃত হয়

    • ref: http://lwn.net/Articles/164121/

  • libhugetlbfs

    • ইয়াৰ সহায়ত অনুপ্ৰয়োগসমূহ Linux ৰ huge page সমৰ্থন ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ বাবে উৎসৰ কোড পৰিবৰ্তন কৰা আৱশ্যক নহয় ।

  • kernel-headers সৰঞ্জাম

    • glibc-kernheaders সৰঞ্জামৰ পৰিবৰ্তে ব্যৱহৃত হয়

    • 2.6.18 কাৰ্ণেলৰ নতুন headers_install বৈশিষ্ট্যেৰ সৈতে উন্নত সামঞ্জস্য উপলব্ধ কৰা হয়

    • kernel হেডাৰ সংক্ৰান্ত উল্লেখযোগ্য পৰিবৰ্তন:

      • অবচিত হোৱাৰ ফলত <linux/compiler.h> হেডাৰ নথিপত্ৰ আঁতৰুৱা হৈছে

      • _syscallX() ম্যাক্ৰো আঁতৰুৱা হৈছে; ইয়াৰ পৰিবৰ্তে ব্যৱহাৰকৰোঁতাৰ স্থান ত C লাইব্ৰেৰিৰ পৰা প্ৰাপ্ত syscall() ব্যৱহাৰ কৰা হ'ব

      • <asm/atomic.h> আৰু <asm/bitops.h> হেডাৰ নথিপত্ৰ আঁতৰুৱা হৈছে; C সম্পাদকৰ দ্বাৰা নিজস্ব স্বয়ংচলিত অন্তৰ্নিহিত আপেক্ষক উপস্থিত কৰা হয় যি ব্যৱহাৰকৰোঁতা স্থানৰ কাৰ্য্যক্ৰমৰে উন্নতৰূপে ব্যৱহাৰ কৰা সম্ভৱ কৰিব

      • #ifdef __KERNEL__ দ্বাৰা সুৰক্ষিত বিষয়বস্তু বৰ্ত্তমানে unifdef সামগ্ৰীৰ সহায়ত সম্পূৰ্ণৰূপে আঁতৰুৱা হৈছে; ব্যৱহাৰকৰোঁতাৰ স্থানত এনেয়ে প্ৰদৰ্শিত নোহোৱা অংশ চাবলৈ __KERNEL___ ক দিয়া সংজ্ঞাৰ এতিয়া আৰু প্ৰভাৱ নাই

      • পৃষ্ঠাৰ মাপৰ অসামঞ্জ্যসৰ ফলত কিছুমান স্থাপত্যৰ PAGE_SIZE ম্যাক্ৰো আঁতৰুৱা হৈছে; ব্যৱহাৰকৰোঁতাৰ স্থানত sysconf (_SC_PAGE_SIZE) বা getpagesize() ব্যৱহাৰ কৰা উচিত

    • ব্যৱহাৰকৰোঁতাৰ স্থানৰ বাবে বিশেষ সহায়ক পৰিবেশ স্থাপনাৰ বাবে কিছুমান হেডাৰ নথিপত্ৰ আৰু হেডাৰৰ বিষয়বস্তু আঁতৰুৱা হৈছে

নতুনকৈ যোগ কৰা সাধাৰণ বৈশিষ্ট্য

  • kexec আৰু kdump (2.6.13)

    • diskdump আৰু netdump ৰ পৰিবৰ্তে kexec আৰু kdump ব্যৱহাৰ কৰা হয় । ইয়াৰ ফলত দ্ৰুতভাবে বুট কৰা আৰু কাৰণনিৰ্ণয়ৰ বাবে নিৰ্ভৰযোগ্য kernel vmcore নিৰ্মাণ কৰা সম্ভৱ । অধিক বিবৰণ আৰু বিন্যাস সংক্ৰান্ত নিৰ্দেশাৱলীৰ বাবে usr/share/doc/kexec-tools-<version>/kexec-kdump-howto.txt চাওক (<version> ৰ পৰিবৰ্তে সংস্থাপন কৰা kexec-tools সৰঞ্জামৰ সংশ্লিষ্ট সংস্কৰণ সংখ্যা উল্লেখ কৰক) ।

    • উল্লেখযোগ্য যে, বৰ্ত্তমানে ভাৰ্চুৱেলাইজ কৰা কাৰ্ণেল দ্বাৰা kdump ব্যৱহাৰ কৰা সম্ভৱ নহয় ।

  • inotify (2.6.13)

    • ইয়াৰ বাবে নিম্নলিখিত syscall ৰ সহায়ত ব্যৱহাৰকৰোঁতাৰ সংযোগমাধ্যম প্ৰাপ্ত কৰা যাব: sys_inotify_init, sys_inotify_add_watch আৰু sys_inotify_rm_watch.

  • Process Events Connector (2.6.15)

    • ব্যৱহাৰকৰোঁতাৰ স্থানত সৰ্বধৰণৰ প্ৰক্ৰিয়াৰ বাবে fork, exec, id change আৰু exit ঘটনাৰ সূচনা প্ৰদান কৰে ।

    • এই ঘটনাসমূহ বিভিন্ন প্ৰকৃতিৰ অনুপ্ৰয়োগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ যেনে গণনানীতি/হিচাপ নিৰীক্ষণ (উদাহৰণস্বৰূপ, ELSA), ব্যৱস্থাপ্ৰণালীৰ কৰ্ম নিৰীক্ষণকাৰী (উদাহৰণ, top), নিৰাপত্তা আৰু সংস্থান পৰিচালনকাৰী (উদাহৰণ, CKRM) । Semantics ৰ দ্বাৰা বিভিন্ন বৈশিষ্ট্য যেনে per-user-namespace, "files as directories" আৰু সংস্কৰণভিত্তিক নথিপত্ৰপ্ৰণালী নিৰ্মাণৰ বিষয়বস্তু উপলব্ধ কৰা হয় ।

  • সাধাৰণ RTC (RealTime Clock) ছাব-ব্যৱস্থাপ্ৰণালী (2.6.17)

  • splice (2.6.17)

    • অনুপ্ৰয়োগৰ মাজত তথ্য বিনিময় কৰোঁতে তথ্যৰ প্ৰতিলিপি নিৰ্মাণ নকৰিব'লৈ সহায়ক এটা নতুন IO পদ্ধতি

    • ref: http://lwn.net/Articles/178199/

নথিপত্ৰপ্ৰণালী / LVM

  • EXT3

    • ext3 ত বৃহৎ মাপৰ inode ৰ মূল অংশত প্ৰসাৰিত বৈশিষ্ট্যেৰ বাবে সমৰ্থন উপলব্ধ কৰা হৈছে:কিছু ক্ষেত্ৰত স্থান সংৰক্ষণ আৰু কৰ্মক্ষমতা বৃদ্ধি সম্ভৱ হ'ব । (2.6.11)

  • যন্ত্ৰ মেপাৰৰ বহুসংখ্যক পথৰ সমৰ্থন

  • NFSv3 আৰু NFSv4 ৰ ক্ষেত্ৰত ACL সমৰ্থন (2.6.13)

  • NFS: তাঁৰৰ (wire) ওপৰত বৃহৎ মাপৰ পঢ়া আৰু লিখাৰ কৰ্ম সমৰ্থন কৰা হ'ব (2.6.16)

    • Linux NFS গ্ৰাহকৰ দ্বাৰা বৰ্ত্তমানে ১ মেগাবাইট অবধি পৰিবহন সমৰ্থন কৰা হয় ।

  • VFS ৰ পৰিবৰ্তন

  • Big CIFS update (2.6.15)

    • Kerberos আৰু CIFS ACL সমৰ্থন যোগ কৰাৰ উপৰিও বহুতো উন্নত কৰ্মক্ষমতা উল্লেখিত হৈছে

  • autofs4: ব্যৱহাৰকৰোঁতাৰ স্থান autofs ৰ ক্ষেত্ৰত পোনেপোনে mount সমৰ্থনৰ বাবে উন্নত কৰা হৈছে (2.6.18)

  • cachefs core enablers (2.6.18)

সুৰক্ষা

  • SELinux ৰ ক্ষেত্ৰত একাধিক স্তৰত স্থাপিত নিৰাপত্তা ব্যৱস্থা (2.6.12)

  • অডিট ছাব-ব্যৱস্থাপ্ৰণালী

    • প্ৰক্ৰিয়া-সন্দৰ্ভ ভিত্তিক ফিল্টাৰ ব্যৱস্থাৰ সমৰ্থন (2.6.17)

    • অতিৰিক্ত ফিল্টাৰ নিয়মাবলী পৰীক্ষণ ব্যৱস্থা (2.6.17)

  • TCP/UDP getpeercon: নিৰাপত্তা-সম্পৰ্কে সচেতন অনুপ্ৰয়োগৰ দ্বাৰা কোনো নিৰ্দিষ্ট TCP বা UDP সকেটৰ অপৰ প্ৰান্তে উপস্থিত প্ৰক্ৰিয়া ব্যৱহৃত IPSec'ৰ নিৰাপত্তা সংযোগৰ নিৰাপত্তা জড়িত সন্দৰ্ভ উদ্ধাৰ কৰে । অকল MLS-স্তৰৰ তথ্য বা পূৰণি unix ব্যৱস্থাপ্ৰণালীৰ সৈতে আন্তক্ৰিয়া প্ৰয়োজন হ'লে IPSec'ৰ পৰিবৰ্তে NetLabel ব্যৱহাৰ কৰা যাব ।

সংযোগকৰণ

  • বিভিন্ন TCP সোপা মৰাৰ অংশ যোগ কৰা হৈছে (2.6.13)

  • IPv6: উন্নত API ত বিভিন্ন sockopt / অতিৰিক্ত তথ্য সমৰ্থন কৰে (2.6.14)

  • IPv4/IPv6: UFO (UDP Fragmentation Offload) Scatter-gather approach (2.6.15)

    • UFO এটা বৈশিষ্ট যাৰ সহায়ত লিনাক্স কাৰ্ণেল নেটৱৰ্ক স্টেকৰ দ্বাৰা এটা বৃহৎ মাপৰ UDP ডাটাগ্ৰামৰ IP বিখণ্ড কৰ্ম যান্ত্ৰিক স্থানান্তৰ কৰা হব । ইয়াৰ ফলত UDP ডাটাগ্ৰামটি MTU মাপৰ সৰঞ্জাম অনুযায়ী বিভাজন কৰাৰ সময় ভাৰ স্টেক হ্ৰাস কৰা যাব ।

  • nf_conntrack ছাব-ব্যৱস্থাপ্ৰণালী যোগ কৰা হৈছে (2.6.15)

    • netfilter ত উপস্থিত সংযোগ অনুসৰণ ছাব-ব্যৱস্থাপ্ৰণালীৰ দ্বাৰা বৰ্ত্তমানে অকল ipv4 ব্যৱস্থাপনা কৰা সম্ভৱ । ipv6 সংযোগ অনুসৰণ ব্যৱস্থাৰৰ সমৰ্থন বাস্তৱত দুটা পদ্ধতি নিৰ্বাচনৰ বাবে উপলব্ধ আছিল; হয়তো সমস্ত ipv4 সংযোগ অনুসৰণৰ কোড এটা ipv6 প্ৰতিৰূপে ৰূপান্তৰ কৰি বা ipv4 আৰু ipv6 উভয় পৰিচালনাৰ বাবে অকল এটা স্তৰ নিৰ্মাণ কৰক (এই শুধৰণিসমূহৰ ক্ষেত্ৰত দ্বিতীয় পদ্ধতি ব্যৱহৃত হৈছে) যাৰ ফলত প্ৰতিটো সংযোগ অনুসৰণত সহায়ক অংশৰ বাবে অকল এটা ছাব-আচাৰ বিধি (TCP, UDP, প্ৰভৃতি) লিখাৰ প্ৰয়োজন হয় । মূলত, nf_conntrack কোনো স্তৰ-৩ আচাৰ বিধিৰ সৈতে কৰ্ম সঞ্চালনত সক্ষম ।

  • IPV6

    • RFC 3484 ৰ সৈতে সুসংগত উৎস ঠিকনা নিৰ্বাচন ব্যৱস্থা (2.6.15)

    • পছন্দমতে ৰাউটাৰ ব্যৱস্থাৰ বাবে সমৰ্থন (RFC4191) (2.6.17)

    • ৰাউটাৰৰ উপস্থিতি অনুসন্ধান ব্যৱস্থা (RFC4191) (2.6.17)

    • মাল্টিপল ৰাউটিং নিৰ্ঘণ্ট আৰু পলিসি ৰাউটিংৰ বাবে অতিৰিক্ত সমৰ্থন ব্যৱস্থা

  • অনাতাঁৰেদি উন্নয়ন

    • যান্ত্ৰিক ক্ৰিপ্টো আৰু ফ্ৰ্যাগমেন্টেশন অফলোড সমৰ্থন

    • QoS (WME) সমৰ্থন, "wireless spy support"

    • মিশ্ৰিত PTK/GTK

    • CCMP/TKIP সমৰ্থন আৰু WE-19 HostAP সমৰ্থন

    • BCM43xx অনাতাঁৰ চালক

    • ZD1211 অনাতাঁৰ চালক

    • WE-20, অনাতাঁৰ সম্প্ৰসাৰণৰ সংস্কৰণ ২০ (2.6.17)

    • যান্ত্ৰিক সামগ্ৰীৰ পৰা স্বতন্ত্ৰ চালনাজ্ঞান MAC স্তৰ, "Soft MAC" যোগ কৰা হৈছে (2.6.17)

    • LEAP প্ৰমাণীকৰণৰ ধৰণ যোগ কৰা হৈছে

  • সাধাৰণ (জেনেৰিক) সেগ্মেন্টেছন অফলোড যোগ কৰা হৈছে (GSO) (2.6.18)

    • কিছু ক্ষেত্ৰত কৰ্মক্ষমতা বৃদ্ধি কৰা সম্ভৱ হলেও ethtool ৰ মাধ্যমে সক্ৰিয় কৰা আৱশ্যক

  • DCCPv6 (2.6.16)

যোগ দিয়া যান্ত্ৰিক সামগ্ৰীৰ সমৰ্থন

টোকা

বিভিন্ন সাধাৰণ বৈশিষ্ট্যেৰ কিছুমান এই বিভাগত উপস্থিত কৰা হৈছে ।

  • x86-64 ক্লাস্টাৰসহ APIC সমৰ্থন (2.6.10)

  • Infiniband সমৰ্থন (2.6.11)

  • হট-প্লাগ

    • স্মৃতিসক্তি হট-প্লাগ ব্যৱস্থাৰ বাবে স্মৃতিসক্তি যোগ/অপসাৰণ আৰু সমৰ্থনব্যৱস্থাৰ সহায়ক আপেক্ষক যোগ কৰা হৈছে (2.6.15)

  • SATA/libata উন্নহয়ণ, অতিৰিক্ত যান্ত্ৰিক সামগ্ৰীৰ সমৰ্থন

    • libata ভুল নিয়ন্ত্ৰক সম্পূৰ্ণৰূপে পৰিবৰ্তিত হৈছে; যাৰ ফলত তুলনামূলকৰূপে অধিক স্থিতিশীল SATA ছাব-ব্যৱস্থাপ্ৰণালী উপলব্ধ কৰা হব যাৰ সহায়ত বিভিন্ন ধৰণৰ ত্ৰুটিৰ পিছত ব্যৱস্থাপ্ৰণালী পুনৰুদ্ধাৰ কৰা সম্ভৱ হ'ব ।

    • নেটিভ আদেশ কিউইং (NCQ), NCQ মূলত ত্যাগ কৰা আদেশ কিউ ব্যৱস্থাৰ SATA সংস্কৰণ - এটা ড্ৰাইভত একে সময়ত একাধিক I/O অনুৰোধ অপেক্ষাৰত অৱস্থাত উপস্থিত থকাৰ ক্ষমতা । (2.6.18)

    • Hotplug ৰ সমৰ্থন (2.6.18)

  • EDAC ৰ সমৰ্থন (2.6.16)

    • EDAC ৰ মূল উদ্দেশ্য কম্পিউটাৰ ব্যৱস্থাপ্ৰণালীত ত্ৰুটি চিনাক্তকৰণ আৰু সূচনা প্ৰদান ।

  • Intel(R) I/OAT DMA ইঞ্জিনৰ বাবে নতুন ioatdma যোগ কৰা হৈছে (2.6.18)

NUMA (Non-Uniform Memory Access) / Multi-core

  • Cpusets (2.6.12)

    • Cpusets ৰ দ্বাৰা CPU আৰু স্মৃতিশক্তি নোডৰ সুনিৰ্দিষ্ট সংকলন কোনো চিহ্নিত কৰ্মৰ বাবে নিৰ্ধাৰণ কৰা সম্ভৱ । ইয়াৰ ফলত Cpusets, কোনো কৰ্মৰ বৰ্ত্তমান cpusetড চিহ্নিত সম্পদত কৰ্মৰ বাবে আৱশ্যক CPU আৰু স্মৃতিশক্তি আবদ্ধ কৰে । বৃহৎ ব্যৱস্থাপ্ৰণালীত পৰিবৰ্তনশীল কৰ্মৰ বণ্টনৰ উদ্দেশ্যে এই সমস্ত উপায় প্ৰয়োজনীয় ।

  • NUMA-aware slab allocator (2.6.14)

    • ইয়াৰ দ্বাৰা একাধিক নোডত স্ল্যাব নিৰ্মিত হয় আৰু স্ল্যাবৰ অৱস্থান সৰ্বোত্তমৰূপে বিতৰণৰ ব্যৱস্থা কৰা হয় । প্ৰতিটো নোডতে আংশিক, মুক্তআৰুও পূৰ্ণ স্ল্যাবৰ তালিকা উপস্থিত আছে । নোডৰ সমস্ত ধৰণৰ বস্তু বণ্টন কৰাৰ সময়ত নোডৰ নিৰ্ধাৰিত স্ল্যাবৰ তালিকা ব্যৱহাৰ কৰা হয় ।

  • শ্বেপ অভিগমন (2.6.16)

    • শ্বেপ অভিগমনৰ সহায়ত প্ৰক্ৰিয়া চলোঁতে NUMA ব্যৱস্থাপ্ৰণালীৰ বিভিন্ন নোডত পৃষ্ঠাৰপ্ৰকৃত অৱস্থান পৰিবৰ্ত্তন কৰা সম্ভৱ ।

  • Huge pages (2.6.16)

    • huge page ৰ বাবে NUMA নিয়মনীতি সমৰ্থন যোগ কৰা হৈছে: স্মৃতিশক্তি নিয়মনীতিৰ স্তৰত huge_zonelist() আপেক্ষকৰ দ্বাৰা NUMA ৰ দূৰত্ব অনুযায়ী অঞ্চলৰ তালিকা প্ৰস্তুত কৰা হয় । hugetlb স্তৰ এই তালিকাত, বৰ্ত্তমান cpuset ৰ nodeset ত উপস্থিত এটা অঞ্চল অনুসন্ধান কৰে য'ত huge page উপলব্ধ আছে ।

    • Huge pages এ বৰ্ত্তমানে cpusets অনুসৰণ কৰা হয় ।

  • Per-zone VM counters

    • zone-ভিত্তিক VM পৰিসংখ্যান উপলব্ধ কৰা হয় যাৰ সহায়ত কোনোঅঞ্চলৰ ব্যৱহৃত স্মৃতিশক্তিৰ অৱস্থা জনা যাই

  • Netfilter ip_tables: NUMA-সচেতন বিতৰণ । (2.6.16)

  • মাল্টি-কোৰ

    • এটা নতুন সময় নিৰ্ধাৰণকাৰী ক্ষেত্ৰ যোগ কৰা হৈছে । ইয়াৰৰ দ্বাৰা বিভিন্ন কোৰত যৌথৰূপে ব্যৱহৃত ভঁৰাল মাল্টি-কোৰ চিহ্নিত হ'ব । ইয়াৰ ফলত এই ধৰণৰ ব্যৱস্থাপ্ৰণালীৰ দক্ষতা সহকাৰে cpu ৰ কৰ্ম বণ্টন কৰা সম্ভৱ যাৰ ফলত কিছু ক্ষেত্ৰত ব্যৱস্থাপ্ৰণালীৰ কৰ্মক্ষমতা বৃদ্ধি হ'ব । (2.6.17)

    • CPU সময় নিৰ্ধাৰণ ব্যৱস্থাৰ বাবে বিদ্যুৎ সংৰক্ষণ নিয়মাবলী: মাল্টিকোৰ/smt cpu ৰ ক্ষেত্ৰত সমস্ত CPU ৰ সৰ্বধৰণৰ কৰ্ম বিতৰণৰ পৰিবৰ্তে কিছুমান কাৰ্য্য সকলোৱে কৰে আৰু অন্যান্য সৰঞ্জামৰ কৰ্ম স্থগিত ৰখা হয় যাৰ ফলত বিদ্যুৎৰ ব্যৱহাৰ হ্ৰাস কৰা সম্ভৱ হয় ।

( amd64 )



[1] এই বিষয়বস্তুৰ বিতৰণ http://www.opencontent.org/openpub/ ত পোৱা Open Publication License, v1.0 ত প্ৰকাশিত সৰ্ত্ত সাপেক্ষেহে হ'ব পাৰে ।